শংকৰ-আজান জাতীয় বিদ্যালয়ৰ ৭ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 136

নগাঊ আৰু মৰিগাঁও জিলা সীমান্তৱৰ্তী বৰমণিপুৰ ( দলংঘাট )ত ২০১৭ চনৰ ৯ জানুৱাৰীত প্ৰতিস্থিত শংকৰ-আজান জাতীয় বিদ্যালয়ে ৬ বছৰ পূৰ্ণ কৰি আজি ৭ম বৰ্ষত পদাৰ্পন কৰিলে। সেই উদ্দেশ্যে আজি পুৱাৰে পৰা বিদ্যালয়ত এক উখল-মাখল পৰিবেশে বিৰাজ কৰিছে। বিদ্যালয়ৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্রী, অভিভাৱক আৰু স্থানীয় ৰাইজৰ উপস্থিতিত ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰিছে বিদ্যালয়ৰ সপ্তম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। পুৱা ৯ বজাত পতাকা উত্তোলনেৰে দিনযোৰা কাৰ্যসূচীৰ শোভাৰম্ভ কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক লাৰুধন গোস্বামীয়ে । তাৰ পিছতেই ১০ বজাত বিদ্যালয়ৰ ষষ্ঠ মানৰ ছাত্রী স্বাগতা কুমাৰীৰ ওপজা দিন উপলক্ষে আনুষ্ঠানিক ভাৱে কেক কটাৰ পিছতে ১১ বজাৰ পৰা অনুষ্ঠিত মুকলি সভা আৰু বাৰেৰহণীয়া সংস্কৃতিক কাৰ্যসূচী এগছি বন্তি প্ৰজ্বলনেৰে শোভাৰম্ভ কৰে বিদ্যালয়ৰ সচিব ৰাহুল দেৱ বৰদলৈয়ে। বিশিষ্ট সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক মহেন্দ্ৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সমাজকৰ্মী ৰমেশ বৰদলৈ, কুলাই বৰদলৈ আদি বহু কৰেইগৰাকী লোকে জাতীয় বিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচীৰ শলাগ লয় আৰু শৈক্ষিক কাৰ্যসূচীৰ লগতে ছাত্র-ছাত্রীৰ উপযোগী সহপাঠ্যক্ৰম সমানেই আগুৱাই যোৱা বুলি মন্তব্য কৰে। বিদ্যালয়ৰ জেষ্ঠ শিক্ষক মৃদু মধুকল্য গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভনিতে বিদ্যালয়ৰ এটি সমবেত গীত পৰিবেশন কৰে বিদ্যালয়ৰ শিক্ষয়িত্রী সকলে। তাৰ পিছতে জিকিৰ, সত্রীয়া নৃত্য, সাত ভনি নৃত্য, আধুনিক নৃত্য, একক নৃত্য‍, আবৃত্তি আদিৰ লগতে অনাতাঁৰ শিল্পী মিলেশ্বৰ ডেকাই গীত পৰিবেশন কৰে।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.