মহানগৰীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈ থকা অসম গ্ৰন্থমেলাত ৭ জানুৱাৰীত শিক্ষয়িত্ৰী তথা পলাশবাৰীৰ বৰিহাট নিবাসী নিভা দাসৰ আঁক-বাক প্ৰকাশনৰ বিপনীত আনুষ্ঠানিকভাৱে উন্মোচন কৰে এখন অনূদিত আত্মকথা গ্ৰন্থ আমাৰ পৰিয়ালটো। বঙালী ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন উন্মোচন কৰে ফটো সাংবাদিক, লেখক মনোজ কুমাৰ ডেকা, শিক্ষক তথা নাট্যকৰ্মী বলেন চৌধুৰী, লেখিকা প্ৰীতি হাজৰিকা আৰু দিপালি চেতিয়াই। গ্ৰন্থ আমাৰ পৰিয়ালটো সমাজতান্ত্ৰিক চীনৰ থাও ছেঙ নামৰ এগৰাকী শিক্ষা দীক্ষাহীন সাধাৰণ মহিলাৰ সংগ্ৰামী জীৱনৰ জীৱন্ত দলিল। থাও ছেঙ আৰু তেওঁৰ স্বামী, সন্তানৰ ত্যাগৰ শিহৰশকাৰী বৰ্ণনাই যুগে যুগে, দেশে দেশে এচাম লোকৰ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু দায়িত্ববোধৰ পৰিচয় দাঙি ধৰিছে। এগৰাকী নাৰীয়ে কেৱল ঘৰ-সংসাৰ, সন্তানৰ দায়িত্বই পালন নকৰে, দেশৰ প্ৰতি আৰু নিষ্ঠাৰে দায়িত্ব পালন কৰিব পাৰে, ত্যাগ স্বীকাৰ কৰিব পাৰে থাও ছেঙ তাৰেই উদাহৰণ। অসমীয়া ভাষালৈ অনুদিত গ্ৰন্থৰ জগতত আমাৰ পৰিয়ালটো এক উল্লেখযোগ্য নৱতম সংযোজন ৰূপে চিহ্নিত হোৱাৰ লগতে গ্ৰন্থখন পাঠক ৰাইজে আঁকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰিছে শিক্ষয়িত্ৰী নিভা দাসে।
Trending
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে
- Minister Jayanta Mallabaruah Inspects Desiltation Works Across Guwahati
- ২৯ মে’ৰ পৰা অসম সহ দেশজুৰি বিকশিত কৃষি সংকল্প অভিযান সভা
- দৰং জিলাত ব্ৰহ্মপুত্ৰ আৰু ডিমিলা নৈৰ পাৰত নিৰ্মীয়মান নতুন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
- ৰাজ্যিক পক্ষী সুৰক্ষা পৰিষদৰ উদ্যোগত বিশ্ব পক্ষী দিৱস উদযাপন
- Minister Pijush Hazarika Reviews Key Embankment Projects in BTR to Strengthen Flood and Erosion Protection Ahead of Monsoon
- আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে চিংক্লি কলনীৰ জসুবুৰা লেক – মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যই হাত বাউল দি মাতে পৰ্যটকক