শিক্ষাবিদ, সাহিত্যিক ডিম্বেশ্বৰ গগৈক সম্বৰ্ধনা টিম চে-ৰাই-ডয়ৰ

0 287
 চৰাইদেউ জিলাৰ শিক্ষা, সাহিত্য , সমাজ তথা সাংস্কৃতিক ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢোৱা চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ ভজো নিবাসী শিক্ষাবিদ, সাহিত্যিক ডিম্বেশ্বৰ গগৈক আজি সম্বৰ্দ্ধনা জনাই টিম চে-ৰাই-ডয় নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে।ক’ৰণা মহামাৰীৰ প্ৰাদুৰ্ভাব বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত বিশিষ্ট ব্যক্তি গৰাকীৰ নিজা বাসভৱনত  সম্বৰ্ধনা জ্ঞাপন কৰে।
উল্লেখ্য যে শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত জড়িত হৈও সমাজ, সংগঠন, সাহিত্য চৰ্চা তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ যথেষ্ট অৱদান আগবঢ়াই আহিছে।অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা গগৈদেৱে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ শিল্পী হিচাপেও পৰিচিত। বৃহত্তৰ সোণাৰি অঞ্চলৰ বহুকেইটা শিক্ষা প্ৰতিষ্ঠান স্থাপনত বিশেষ অৱদান থকা এইগৰাকী স্বনামধন্য ব্যক্তিক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা অনুষ্টুপীয়া অনুষ্ঠানটোত টিম চে-ৰাই-ডয়ৰ কমলজ্যোতি হাজৰিকা, সোণাৰিৰ জ্যেষ্ঠ সাংবাদিক মৃত্যুঞ্জয় দাস, টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক ক্ষমা হাজৰিকা, সাংবাদিক অভিজিৎ ভূঞাৰ লগতে টিম চে-ৰাই-ডয়ৰ সদস্যসকল। আনহাতে এই অনুষ্ঠানতে ‌চৰাইদেউ জিলাৰ ঐতিহাসিক সমলসমূহ আৰু আমি নামৰ তথ্যচিত্ৰ খনৰ দ্বিতীয় খণ্ডটো উন্মোচন কৰা হয়।
খবৰ যুগুতালে সোণাৰিৰ পৰা অভিজিত ভূঞা..

Leave A Reply

Your email address will not be published.