ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্বশৰ্মাৰ নেতৃত্বত অসমত স্বচ্ছতা আৰু মেধাৰ ভিত্তিত নিয়োগৰ ব্যৱস্থাই প্ৰতিগৰাকী যোগ্য প্ৰাৰ্থিৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে। তাৰেই ফলস্বৰূপে আজি দিছপুৰ জনতা ভৱনস্থিত শিক্ষামন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনু্ষ্ঠানত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ দ্বাৰা সাতগৰাকীকৈ অসম শিক্ষা সেৱাৰ বিষয়াক নিযুক্তিপত্ৰ প্ৰদান কৰা হয়। নিযুক্তিপত্ৰ লাভ কৰা সকল হৈছে ক্ৰমে – বিভূতি চৰণ বৰুৱা, পলাশ কাকতি, ক্ষিৰোজ মিচং, বেদব্ৰত গগৈ, অৰুণজ্যোতি দত্ত, মদন পেগু আৰু মিথুন জোহৰি। অনুষ্ঠানত শিক্ষামন্ত্ৰী গৰাকীয়ে নিযুক্তিপ্ৰাপ্ত বিষয়াসকলক উদ্দেশ্যি কয় যে এই মুহুৰ্তৰ পৰাই তেওঁলোকৰ কান্ধত বিভাগে এক গধুৰ দায়িত্ব ন্যস্ত কৰিছে আৰু তেওঁলোকে সততা নিষ্ঠা আৰু একাগ্ৰতাৰে এই কামত ব্ৰতী হ’ব লাগিব। তেওঁ আৰু কয় যে বিষয়াসকলে নতুন শিক্ষানীতি, শিক্ষাৰ আইন-নিয়ম, বিত্তীয় ব্যৱস্থাৰ ব্যৱহাৰ আদিৰ বিষয়ে জ্ঞান যুগুত কৰিব লাগিব, তেতিয়াহৈ তেওঁলোকে বিভাগীয় ভাৱে টনকীয়াল হৈ কামকাজসমূহ আগুৱাই লৈ যাৱ পাৰিব। এই ক্ষেত্ৰত মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাবে এক প্ৰশিক্ষণ শিৱিৰ আয়োজন কৰিবলৈ বিভাগক নিৰ্দেশ প্ৰদান কৰে। শেষত মন্ত্ৰীগৰাকীয়ে প্ৰতিগৰাকী নিযুক্তিপ্ৰাপ্ত বিষয়াক যথা সময়ত বিভাগীয়ভাৱে তেওঁলোকৰ অগ্ৰজসকলৰ দিহা পৰামৰ্শ লবলৈ আহ্বান জনায়। আজিৰ এই অনুষ্ঠানত শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ, মাধ্যমিক শিক্ষা সঞ্চালিকা মমতা হোঁজাইৰ লগতে শিক্ষা বিভাগৰ বিভিন্ন বিষয়াসকল উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি