শিৱসাগৰত জিলা উন্নয়ন আয়ুক্তৰ অধ্যক্ষতাত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত

0 263

শিৱসাগৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত এছ গোৱালাৰ অধ্যক্ষতাত কালি উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা সভাকক্ষত নেহৰু যুৱ কেন্দ্ৰৰ যুৱ কাৰ্যসূচীৰ জিলা উপদেষ্টা সমিতিৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকত নেহৰু যুৱ কেন্দ্ৰ, শিৱসাগৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্ৰস্তুত কৰা বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ খচৰা খনৰ ওপৰত বিস্তৃত ভাৱে আলোচনা কৰা হয়। এই বাৰ্ষিক কাৰ্য্য পৰিকল্পনাৰ ভিতৰত বিভিন্ন কাৰ্যসূচী যেনে- “আত্মনিৰ্ভৰশীল ভাৰত” বিষয়ক প্ৰচাৰ পত্ৰিকা  ছপাকৰণ ,যুৱ সচেতনতা, বৃত্তিমূলক তথা কৌশলগত প্ৰশিক্ষণ আৰু ক্রীড়া বিষয়ক কাৰ্যসূচী, ক’ভিড-১৯ ৰোগ সম্পৰ্কীয় সচেতনতা কাৰ্যসূচী, দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক সচেতনতা কাৰ্যসূচী, কলা-সংস্কৃতি বিষয়ক কাৰ্যসূচী আৰু স্বচ্ছতা বিষয়ক প্ৰশিক্ষণ ইত্যাদি সামৰি লোৱা হৈছে।
জিলা উন্নয়ন আয়ুক্ত গৰাকীয়ে নেহৰু যুৱ কেন্দ্ৰৰ বিষয়-ববীয়া সকলক এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ সময়ত জিলাখনৰ চৰকাৰী বিভাগ সমূহৰ লগত সমন্বয় বজাই ৰখাৰ পৰামৰ্শ প্ৰদান কৰে। তেওঁ নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যসূচী সমূহক জিলাখনৰ যুৱ প্ৰজন্মৰ মাজত ব্যাপক পৰিসৰত জনপ্ৰিয় কৰি তোলাৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ কয়। তেওঁ সংশ্লিষ্ট বিভাগৰ বিষয়া সকলক সামাজিক দায়বদ্ধতা অনুধাৱন কৰি নেহৰু যুৱ কেন্দ্ৰৰ কাৰ্যসূচী সমূহত মনোনিবেশ কৰিবলৈ অহ্বান জনায়।বিস্তৃত আলোচনাৰ অন্তত বৈঠকখনত নেহৰু যুৱ কেন্দ্ৰৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ বাৰ্ষিক কাৰ্য্য পৰিকল্পনাক অনুমোদন জনোৱা হয়।
সভাত জিলাখনত কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰণালয়ৰ উদ্যোগত তথা নেহৰু যুৱ কেন্দ্ৰৰ সহযোগত বৰষুণৰ পানীৰ সংৰক্ষণৰ ওপৰত সজাগতা বৃদ্ধিৰ বাবে ৰূপায়িত “কেচ্ দি ৰেইন” কাৰ্যসূচীৰ দ্বিতীয় পৰ্য্যায়ৰ শুভাৰম্ভ কৰা হয়।
উল্লেখযোগ্য যে, শিৱসাগৰ জিলাত ১৯৯২ চনত নেহৰু যুৱ কেন্দ্ৰৰ শাখা প্ৰতিষ্ঠিত কৰা হয় আৰু বৰ্তমানলৈকে জিলাখনৰ ৬০০ -তকৈ অধিক যুৱসংঘ আৰু মহিলা মণ্ডল এই কেন্দ্ৰৰ সৈতে জড়িত হৈ আছে।সভাত জিলা পৰিষদৰ উপ- মুখ্য কাৰ্যবাহী বিষয়া টি জে ৰবাৰ্ট, নেহৰু যুৱ কেন্দ্ৰৰ জিলা যুৱ বিষয়া পাপাই দাসৰ লগতে বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে।
বাতৰি যুগুতালে দিলিস্তান খানে

Leave A Reply

Your email address will not be published.