শিৱসাগৰৰ যুৱদলত অনুষ্ঠিত পৰ্যটন সন্মিলন

0 265

শিৱসাগৰ জিলাৰ যুৱদল প্ৰেক্ষাগৃহত আজি শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাজ্যিক উদ্ভাৱনী আৰু ৰূপান্তৰ আয়োগৰ সহযোগিতাত দিনজোৰা কাৰ্যসূচীৰে এক পৰ্যটন সন্মিলন অনুষ্ঠিত হৈ যায় । এই সন্মিলনত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে আয়োগৰ উপসভাপতি ৰমেন ডেকাই । ভাষণ প্ৰসঙ্গত ডেকাই বিৱৰ্ত্তনৰ মাজেৰে আহি একবিংশ শতিকাত পৰ্যটন উদ্যোগটোৱে মানৱ সমাজক জীয়াই থকাত অৱসাদ দূৰ কৰি এক বিশেষ মাত্ৰা প্ৰদান কৰিছে বুলি উল্লেখ কৰে । তাৰোপৰি ডেকাই পেচাবৃত্তিক মনোভাৱেৰে আমাৰ কৃষ্টি-সংস্কৃতি আৰু পৰম্পৰা অটুত ৰাখি সামূহিক সজাগতাৰ জৰিয়তে পৰ্যটন উদ্যোগটোক আৰু অধিক শক্তিশালী কৰিব পৰা যাব বুলি মন্তব্য কৰে ।
পৰ্যটন সন্মিলনৰ আদৰণি ভাষণ আগবঢ়াই শিৱসাগৰ জিলাৰ উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে কয় যে, শিৱসাগৰ জিলাত পৰ্যটক সকলৰ সুবিধা হোৱাকৈ আন্তগাঁঠনিৰ উন্নয়ন, কম খৰচত হোটেল আৰু ডৰ্মিটৰিৰ ব্যৱস্থা আৰু অনাময় ব্যৱস্থাৰ অতি প্ৰয়োজন । উপায়ুক্ত গৰাকীয়ে পৰ্যটন উদ্যোগটোৰ জৰিয়তে আমাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ থলুৱা সাজ-পাৰ বিলাকে এক বিশেষ চাহিদা আৰু বজাৰ লাভ কৰিব বুলি মত ব্যক্ত কৰে ।সন্মিলনত অতিৰিক্ত উপায়ুক্ত বিতোপন নেওগে শিৱসাগৰৰ ঐতিহাসিক সমল সমূহক সামৰি এক তথ্য সমৃদ্ধ পি.পি.টি. উপস্থাপন কৰে।

শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত ঐতিহাসিক শিৱসাগৰ জিলাৰ পৰ্যটন খণ্ডৰ প্ৰসাৰৰ সন্দৰ্ভত অনুষ্ঠিত গুৰুত্বপূৰ্ণ এই সন্মিলনত জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱ ,অতিৰিক্ত উপায়ুক্ত চন্দনা বৰুৱা , কাৰ্যবাহী দণ্ডাধীশ মনালী প্ৰসাদ ৰজক , জিলা নিৰ্বাচনী বিষয়া সুগত সিদাৰ্থ গোস্বামীৰ লগতে উপস্থিত থাকে শিৱসাগৰ জিলা প্ৰশাসনৰ বহু কেইগৰাকী বিষয়ববীয়া।তদুপৰি সন্মিলনত চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱা, গড়গাঁও মহাবিদ্যালয়ৰ অধক্ষ্য ড. সব্যসাচী মহন্ত ,চি. এন. ট্ৰেভেলচৰ পৰিচালন সঞ্চালক চন্দন নাথ, সোনাপুৰ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা ড০ স্বপ্না মেধি, নীৰা শৰ্মা, ধীৰাজ বিকাশ গগৈ আদিকে ধৰি শিৱসাগৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে অংশগ্ৰহণ কৰি সফল ৰূপায়িত কৰা পৰিলক্ষিত হয়।

Leave A Reply

Your email address will not be published.