শুৱালকুছি পৰিভ্ৰমণ কৰিলে ৰাষ্ট্ৰসংঘৰ উন্নয়ন সংস্হাৰ প্ৰতিনিধিয়ে

0 180

ৰাষ্ট্ৰসংঘৰ উদ্যোগীক উন্নয়ন সংস্হা চমুকৈ UNIDO ৰ ভাৰতীয় কাৰ্যালয়ৰ প্ৰতিনিধি ৰেনে ভেন বাৰ্কেলে আজি ভাৰতীয় চেম্বাৰ্চ অব কমাৰ্চৰ সহযোগত শুৱালকুছি পৰিভ্ৰমণ কৰে৷ পৰিভ্ৰমণ কালত বাৰ্কেলেৰ দলে শুৱালকুছিৰ বস্ত্ৰশিল্পৰ বুজ লবলৈ স্হানীয় শিপিনী আৰু উদ্যোগীৰ ঘৰতগৈ তাতঁ শাল পৰিদৰ্শন কৰে৷ বাৰ্কেলে শুৱালকুছিৰ বজাৰ ভ্ৰমন কৰি স্হানীয় পাট মুগাৰ কাপোৰ বিপনীৰ স্বত্বাধিকাৰীৰ লগতো মতবিনিময় কৰে ৷ লগতে শিপিনীয়ে নিজৰ উৎপাদন কিদৰে বজাৰ ব্যৱস্থাৰ লগত সংযোজিত কৰে বুজ লয় ৷

ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্হাৰ প্ৰতিনিধি গৰাকীয়ে তেওঁৰ লগত অহা অনান্য প্ৰতিনিধিৰ সৈতে শুৱালকুছি ৰেচম পৰীক্ষাগাৰ পৰিদৰ্শন কৰি ৰেচম কাপোৰৰ বিশুদ্ধতা কেনেদৰে পৰীক্ষা কৰিব পাৰি তাৰ বুজ লয়৷ প্ৰতিনিধি দলটোৱে শুৱালকুছিৰ দৰে থলুৱা শিল্প এটাক আধুনিক ধৰনেৰে স্বকীয়তা বজাই ৰাখিবলৈ শুৱালকুছিবাসীয়ে কৰা প্ৰচেষ্টাক শলাগ লয়৷ ৰেচম পৰীক্ষাগাৰতে ৰাষ্ট্ৰসংঘৰ দলটোৱে শুৱালকুছিৰ কেইজনমান ডেকা উদ্যোগীৰ লগত ভাৱৰ আদান প্ৰদান কৰে৷ শুৱালকুছিৰ উদ্যোগী সকলে বৰ্তমানৰ প্ৰত্যাহ্বানমুলক পৰিস্থিতিত ব্যৱসায় চলোৱাটো দুৰূহ হোৱা বুলি দলটোক জনায়৷ এই ক্ষেত্ৰত বাৰ্কেলে শুৱালকুছিৰ থলুৱা শিল্পটো ৰক্ষাৰ্থে যথা সম্ভৱ সহায় কৰাৰ আশ্বাস দিয়ে৷ বিশেষকৈ এই শিল্পটো বচাই ৰাখিবলৈ কাৰিকৰী সহায়ৰ লগতে অন্য কিবা প্ৰকল্প লব পাৰি নেকি তাৰ চিন্তাচৰ্চা কৰা হব বুলি বাৰ্কেলে উদ্যোগী সকলক জনায়৷ প্ৰতিনিধি দলটোক নেতৃত্ব দিয়া ইণ্ডিয়ান চেম্বা্ৰচ অব কমাৰ্চৰ বিষয়া তৰালি শৰ্মাই শুৱালকুছিৰ শিল্পক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হব বুলিও দোহাৰে৷ আজিৰ এই পৰিভ্ৰমণ কালত শুৱালকুছিৰ শিল্পৰ সকলো দিশ দেখুৱাৰ দায়িত্ব পালন কৰে ইণ্ডিয়ান চেম্বাৰ্চ অব কমাৰ্চৰ হস্ততাঁত সমিতিৰ সদস্য আৰু স্হানীয় মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° নিহাৰ ৰঞ্জন কলিতাই ৷

Leave A Reply

Your email address will not be published.