শ্বহীদ ভাস্কৰ কলিতাক শ্ৰদ্ধাঞ্জলি জনালে

0 347

লুইত ৰাইডাৰ্ছ অসম মটৰ চাইকেল ক্লাৱ আৰু ৭০ জন যুৱক যুৱতীৰ সৌজ্যনত ২৬জানুৱাৰীত মাজিৰ গাঁৱৰ শ্বহীদ ভাস্কৰ কলিতাৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উল্লেখযোগ্য যে ২০১৬ চনত স্থাপিত হোৱা লুইত ৰাইডাৰ্ছে বিগত বছৰ কেইটাত বান সাহাৰ্য্য, ৰক্ত দানকে আদি কৰি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে ।আনহাতে  স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত শ্বহীদ পৰিয়ালক সহযোগ কৰি উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ উপৰিও এই ক্লাৱটোৱে অনাথ আলয়ত সাহাৰ্য্য প্ৰদান, বৃক্ষ ৰোপন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। মাজিৰ গাঁৱত অনুষ্ঠিত হোৱা সভাত দলটোৱে শ্বহীদ ভাস্কৰ কলিতাৰ অসুস্থ পিতৃৰ আংশিক ভাৱে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰে আৰু লগতে শ্বহীদ পৰিয়ালৰ এজন ব্যক্তিক চৰকাৰী চাকৰি প্ৰদান বাবে অনুৰোধ জনায় ।

Leave A Reply

Your email address will not be published.