লুইত ৰাইডাৰ্ছ অসম মটৰ চাইকেল ক্লাৱ আৰু ৭০ জন যুৱক যুৱতীৰ সৌজ্যনত ২৬জানুৱাৰীত মাজিৰ গাঁৱৰ শ্বহীদ ভাস্কৰ কলিতাৰ সমাধিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। উল্লেখযোগ্য যে ২০১৬ চনত স্থাপিত হোৱা লুইত ৰাইডাৰ্ছে বিগত বছৰ কেইটাত বান সাহাৰ্য্য, ৰক্ত দানকে আদি কৰি বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে ।আনহাতে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত শ্বহীদ পৰিয়ালক সহযোগ কৰি উল্লেখনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইয়াৰ উপৰিও এই ক্লাৱটোৱে অনাথ আলয়ত সাহাৰ্য্য প্ৰদান, বৃক্ষ ৰোপন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে। মাজিৰ গাঁৱত অনুষ্ঠিত হোৱা সভাত দলটোৱে শ্বহীদ ভাস্কৰ কলিতাৰ অসুস্থ পিতৃৰ আংশিক ভাৱে চিকিৎসাৰ দায়িত্ব গ্ৰহণ কৰে আৰু লগতে শ্বহীদ পৰিয়ালৰ এজন ব্যক্তিক চৰকাৰী চাকৰি প্ৰদান বাবে অনুৰোধ জনায় ।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা