অবিভক্ত অসমৰ এসময়ৰ সাহিত্য সংস্কৃতিৰ চৰ্চাৰ কেন্দ্ৰবিন্দু শ্বিলঙৰ বিষ্ণুপুৰস্থিত শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই জন্মলগ্নৰে পৰা শ্বিলং চহৰকে কাষৰীয়া অঞ্চলত মহাপুৰুষ দুজনাৰ আদৰ্শ – কৰ্মৰাজিৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে । আনকি শ্বিলঙত থকা অসমীয়া লোক আৰু মহাপুৰুষ দুজনাৰ অনুগামী লোক সকলক একতাৰ দোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছে শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি কেন্দ্ৰই । আনহাতে কৃষ্টি কেন্দ্ৰই বিগত বছৰৰ দৰে এইবেলিও মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পূণ্য তিৰোভাব তিথি, আবিৰ্ভাৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে। কৃষ্টি কেন্দ্ৰৰ সভাপতি মীনাৰাম বৰা, সাধাৰণ সম্পাদক শোনিত কুমাৰ ফুকন আৰু সহকাৰী সম্পাদক ড০ পৰাগ নাথে জানিবলৈ দিয়া মতে অহা ২৯ আগষ্টত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব। সিদিনা পুৱা ৫ বজাত প্ৰভাত ফেৰীৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত ৭.৩০ বজাত খোল প্ৰসংগ , ১০ বজাৰ পৰা সমূহীয়া নাম, বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম আৰু সন্ধিয়া ৬.৩০ বজাৰ পৰা ভাওনা অনুষ্ঠিত হব। তেনেদৰে অহা ১৫ ছেপ্টেম্বৰত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাব তিথি উদযাপন কৰা হব । সিদিনা দিনৰ ১০ বজাত সমূহীয়া নাম প্ৰসংগৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। বিয়লি ২ বজাৰ পৰা আই সকলৰ নাম অনুষ্ঠিত হব। তেনেদৰে অহা ৫ অক্টোবৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৪ সংখ্যক আবিৰ্ভাৱ তিথি মহোৎসৱ অনুষ্ঠিত হব। আনহাতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাব তিথিৰ লগত সংগতি ৰাখি আজি কেন্দ্ৰৰ নামঘৰ প্ৰাংগণত বিয়লি ৩ বজাৰ পৰা এখন ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। ইয়াৰ উপৰি অহা ২৮ আগষ্টৰ দিনা সন্ধিয়া দেৱকুমাৰ দাস স্মৃতি ভৱনত এখন কৃষ্টি সভা অনুষ্ঠিত হব । ইতিমধ্যে মহাপুৰুষ দুজনাৰ তিথি উপলক্ষে ১৪ আগষ্টত ৰচনা, চিত্ৰাংকণ, দিহানাম আৰু বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। তেনেদৰে ১৯ আগষ্টত ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উৎসৱ উলহ – মালহৰে উদযাপন কৰা হয়। আনহাতে কাৰ্যসূচী সমূহ সুচাৰুভাৱে সম্পন্ন কৰিবলৈ যুগল শৰ্মাক সভাপতি আৰু টিকেন্দ্ৰজিৎ তালুকদাৰক সম্পাদক হিচাপে লৈ এখন সাংস্কৃতিক শাখা সমিতি গঠন কৰা হৈছে । ইয়াৰ উপৰি মহেশ খাটনিয়াৰক সভাপতি, বাবুলাল হাজৰিকাক সম্পাদক আৰু বিজয় ৰাজবংশীক সহকাৰী সম্পাদক হিচাপে লৈ নামঘৰ শাখা সমিতি এখন গঠন কৰা হৈছে । উদ্যোক্তা সকলে আটাইকেইদিনৰ কাৰ্যসূচীতে শ্বিলংবাসী অসমীয়া সমাজ আৰু শুভাকাংক্ষী ৰাইজৰ সহায় – সহযোগ আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। উল্লেখযোগ্য যে শ্বিলঙৰ ধানখেতিস্থিত মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ নামঘৰ আৰু লাবানস্থিত লাবান অসমীয়া নামঘৰতো ভাদ মাহৰ পহিলা দিনটোৰ পৰা চলি আছে এমহীয়া ভাদ মহীয়া নাম। অৰ্থাৎ প্ৰায় তিনি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত থকা মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙত তিনিটাকৈ নামঘৰ হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ থকা দৃশ্যই তাত থকা অসমীয়া লোকসকলক বাৰুকৈয়ে উৎসাহিত আৰু গৰ্বিত কৰি আহিছে বুলি ড০ পৰাগ নাথ, বৰ্ণালী হাজৰিকা, মুনমালা শৰ্মা, দ্বিজেন মহন্ত, মনেশ্বৰ কলিতা, হৰেন তালুকদাৰকে ধৰি শ্বিলং নিবাসী একাংশ অসমীয়া লোকে জানিবলৈ দিছে।
Trending
- পথ-সুৰক্ষা সজাগতাৰ আহ্বানেৰে বিহুমঞ্চত পৰিবহণ বিভাগৰ ব্যতিক্ৰমী অনুষ্ঠান
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত মুট কোর্ট প্রতিযোগিতা সম্পন্ন
- পশ্চিম গুৱাহাটীৰ ৰাণীৰ পাৰ্শ্ববৰ্তী পাথৰখামাৰ উমচাও গাঁৱত ৰাভা জনগোষ্ঠীৰ মহিলাৰ পৰম্পৰাগত বিহু উদযাপন
- গুৰুজনাৰ অমৰ সৃষ্টিক বিশ্বদৰবাৰত প্ৰতিষ্ঠাৰ প্ৰয়াস – লণ্ডনৰ মৃদুস্মিতা দাস বৰাৰ নেতৃত্বত তিনিজনীয়া অসমীয়া শিল্পী দলৰ সত্ৰীয়া নৃত্য প্ৰদৰ্শন
- Farmers Mobilization & Awareness Programme held in Serchhip, Mizoram
- ৰাণীত ফুলৰ খেতিৰে পুষ্প বিপ্লৱ আনিছে দম্পতি হলিৰাম ৰাভা আৰু জয়ন্তী ৰাভাই
- India is emerging as an oasis in a turbulent world: NSE MD & CEO Shri Ashishkumar Chauhan
- Cotton University, NECTAR and St. Anthony’s College Collaborate to conduct Geospatial Learning in Shillong-10-Day Training Module on GIS and Remote Sensing Inaugurated at St. Anthony’s college
- অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল’ব ভিটেনায়মে, অসমৰ বিখ্যাত জহা চাউল ভিয়েটনামলৈ ৰপ্তানি
- টপচেম চিমেন্টৰ দ্বাৰা বৃদ্ধাশ্রম আৰু শিশু যত্ন গৃহত আয়োজিত বাৰ্ষিক বিহু উদযাপনৰ কাৰ্য্যসূচী আজিৰে পৰা শুভাৰম্ভ