শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ২০২৪চনৰ ৰঙিয়া অধিবেশনৰ আদৰণি সমিতি গঠন-মুকলি সভাত ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক আমন্ত্ৰণৰ সিদ্ধান্ত

0 158

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আগন্তুক ২০২৪চনৰ ৯৩সংখ্যক ৰঙিয়া জিলা শাখাৰ অতিথ্যত অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰীয় অধিবেশনৰ আদৰণি সমিতি গঠনৰ অৰ্থে এক সাধাৰণ ৰাজহুৱা সভা আজি ৰঙিয়া হিন্দী হাইস্কুল খেলপথাৰত অনুষ্ঠিত হয়।প্ৰাপ্ত তথ্যমতে সভাৰ আৰম্ভণিতে এটি বৰগীতেৰে সভা আৰম্ভ কৰে।আৰু সংঘৰ কেন্দ্ৰীয় সচিব প্ৰধান কুশল ঠাকুৰীয়াৰ প্ৰস্তাৱত পদাধিকাৰ ভবেন্দ্ৰ নাথ ডেকাৰ সভাপতিত্বত সভাৰ কাম কাজ আৰম্ভ হয়।সভাত আদৰণি ভাষণ আগবঢ়ায় প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই।সভাই বিশদ আলোচনা কৰি কন্দৰ্প কুমাৰ মহন্তক সভাপতি ,বিধায়ক ভবেশ কলিতা বাপক কাৰ্য্যকৰী সভাপতি আৰু হিতেন্দ্ৰ নাথ ডেকা বাপক সাধাৰণ সম্পাদক হিচাপে লৈ এক বৃহৎ আদৰণি সমিতি গঠন কৰি দিয়ে।সভাই আগন্তুক অধিবেশনৰ মুকলি সভাত ভাৰতৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।সভাত সমগ্ৰ অসমৰ লগতে কোচবিহাৰ,নতুন দিল্লী আদি জিলা সমিতি ,কেন্দ্ৰীয় সমিতিৰ বাপ বান্ধৱ ,আই মাতৃ আদি নেতৃবৃন্দই অংশগ্ৰহণ কৰিছিল।সভাত কেইবাজনো নেতৃবৃন্দক সম্বৰ্ধনা জনায়।

বাতৰি যুগুতালে বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসে।

Leave A Reply

Your email address will not be published.