ৰাজ্যৰ অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰি আজি আম আদমী পাৰ্টিয়ে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ অৰবিন্দ পনগৰীয়াৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। আপৰ নেতা অম্লানজ্যোতি হাতীবৰুৱা, পুনম গগৈ আৰু জাৰবম কুটুমে ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰৰ হকে ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষ ডঃ পনগৰীয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। অসমৰ জ্বলন্ত সমস্যাবোৰৰ ভিত্তিত আপৰ নেতৃত্বই অধ্যক্ষগৰাকীক স্মাৰক পত্ৰ প্ৰদান কৰে। ৰাজ্যত ব্যাপক কৰ্মসংস্থাপন সৃষ্টি, উদ্যোগিক বিকাশ, কৃষিখণ্ডৰ আধুনিকীকৰণ, বান আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধান, স্বাস্থ্য খণ্ডৰ উন্নয়ন, আন্তঃগাঁথনিৰ বিকাশ, শৈক্ষিক খণ্ডৰ উন্নয়ন, জল, ৰেল আৰু পথ পৰিবহন ব্যৱস্থাৰ ক্ষিপ্ৰ সম্প্ৰসাৰণ আৰু অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদানৰ দাবী এই স্মাৰকপত্ৰত স্থান লাভ কৰে। গুৱাহাটীৰ হোটেল ভিভান্টাত অনুষ্ঠিত বৈঠকত আপৰ নেতৃবৃন্দই বিত্ত আয়োগৰ অধ্যক্ষ ড০ অৰবিন্দ পনগৰীয়াৰ হাতত অৰ্পণ কৰে এই গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ।
Trending
- পৰম্পৰাগত নৃত্য গীতৰ মাজেৰে মেঘালয়ৰ নংপোৰ সমীপৰ মাৰঙাত বিলত অসমীয়া সমাজৰ মাছ ধৰা উৎসৱ
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়