ষ্টাৰ্টআপ আৰু নতুন উদ্যোগৰ ভূমিকা শীর্ষক আলোচনা চক্র সম্পন্ন

0 82

এন আৰ এল আৰু অইলে অসম আৰু উত্তৰ পূবৰ অন্যান্য ৰাজ্যৰ বিভিন্ন জিলাত এক সেউজ পদক্ষেপ হিচাপে প্ৰায় ৮ ৰ পৰা ১০ টা কম্প্ৰেছড ব্যয় গেছ প্লান্ট স্থাপন কৰি আছে, যিয়ে আৱৰ্জনা সমূহৰ পৰা সম্পদ সৃষ্টি কৰিব। পৌৰসভাৰ আৱৰ্জনা সংগ্রহৰ বাবে স্থানীয় নগৰ নিকায়সমূহৰ সৈতে সহযোগিতাৰ পদক্ষেপ আৰম্ভ কৰা হৈছে বুলি এন আৰ এলৰ অধ্যক্ষ ড ৰঞ্জিত সাথে অসম প্ৰদূষণ নিয়ন্ত্রণ বৰ্ডৰ দ্বাৰা অলপতে গুৱাহাটীত আয়োজন কৰা আৱৰ্জনা সমূহৰ পৰা সম্পদ সৃষ্টি ষ্টাৰ্ট আপ আৰু নতুন উদ্যোগৰ ভূমিকা শীর্ষক আলোচনা চক্রত মুখ্য অতিথি হিচাপে ভাষণ দি এই কথা সদৰী কৰে। লগতে কয় যে দুলীয়াজানৰ অইল নগৰাঞ্চলক কঠিন আৱৰ্জনা নিস্কাশন আৰু পৰিশোধন ব্যবস্থাৰ বৰ্ধিত বহন ক্ষমতা উৎসত আৱৰ্জনা পৃথকীকৰণ আৰু অন্যান্য উত্তম পদ্ধতিকে ধৰি আধুনিক জীৱন যাপনৰ সুবিধা সমূহৰ ক্ষেত্রত স্মাৰ্ট চহৰ হিচাপে উন্নীত কৰা হৈছে।

এই উপলক্ষে অসম চৰকাৰৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী য়ে অঞ্চলটোৰ আৱৰ্জনা পৰা সম্পদ ব্যবস্থাপনাৰ ক্ষেত্ৰত অইল আৰু এন আৰ এলৰ আন্তৰিক আৰু নিৰন্তৰ প্ৰচেষ্টাক প্ৰশংসা কৰে।
ইয়াৰ পূৰ্বে অসম প্ৰদূষণ নিয়ন্ত্রণ অধ্যক্ষ অনুপ কুমাৰ মিশ্ৰই আলোচনা চক্ৰত সঠিক আৱৰ্জনা ব্যৱস্থাপনা বাবে বিভিন্ন অংশীদাৰৰ মাজত সহযোগিতাৰ সম্পর্কে গুরুত্ব আৰোপ কৰে।

Leave A Reply

Your email address will not be published.