সংবিধানৰ অষ্টম অনুসূচীত গাৰো আৰু খাচী ভাষা অন্তৰ্ভুক্ত কৰিবলৈ ৰাষ্ট্ৰপতিক আহ্বান জনালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই

0 202

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বুধবাৰে সংবিধানৰ অষ্টম অনুসূচীত গাৰো আৰু খাচী ভাষা অন্তৰ্ভুক্ত কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক আহ্বান জনায়। তেওঁ কয় যে ভাষা এটাই জনজাতিৰ পৰিচয় নিৰ্ধাৰণ কৰে,মই দৃঢ়ভাৱে অনুভৱ কৰোঁ যে সংবিধানত বিভিন্ন জনজাতি আৰু বিভিন্ন সম্প্ৰদায়ৰ ভাষা অন্তৰ্ভুক্ত কৰিলে আমাৰ এই অতি বৈচিত্ৰ্যপূৰ্ণ আৰু মহান ৰাষ্ট্ৰৰ এক শক্তিশালী একত্ৰীকৰণ হ’ব।কেৱল গাৰো আৰু খাচীয়েই নহয়, উত্তৰ-পূবৰ বিভিন্ন সম্প্ৰদায় আৰু জনজাতি আৰু তেওঁলোকৰ ভাষা পৃথক। সেইবোৰ সৰু হ’ব পাৰে কিন্তু তেওঁলোকৰ পৰিচয় তেওঁলোকৰ ভাষা আৰু সংস্কৃতিৰ পৰা আহে।অসমৰ তামুলপুৰত বড়ো সাহিত্য সভাৰ ৬১ সংখ্যক বাৰ্ষিক সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দি চাংমাই কয় যে গাৰো আৰু বড়ো ভাষাৰ মাজত সাদৃশ্য আছে।তেওঁৰ পিতৃ পি.এ. চাংমাক স্মৰণ কৰি তেওঁ কয় যে পি.এ.চাংমা এনে এজন ব্যক্তি আছিল যিয়ে দৰিদ্ৰ সকলৰ প্ৰতি যথেষ্ট আৱেগিক আছিল।তেওঁ সংসদত বড়ো আৰু বড়োলেণ্ডৰ প্ৰতি মাত মাতিছিল।চাংমাই লগতে কয় ৰাষ্ট্ৰপতিক উদ্দেশ্যি কয়,এনে ধৰণৰ কাৰ্যসূচীত আপোনাৰ উপস্থিতি কেৱল বড়ো অঞ্চলৰ লোকসকলৰ বাবে অনুপ্ৰেৰণা নহয়,ই আপোনাৰ সমমৰ্মিতা আৰু উত্তৰ-পূবৰ সকলো জনজাতিৰ প্ৰতি আপোনাৰ সন্মান প্ৰদৰ্শন কৰে।

Leave A Reply

Your email address will not be published.