সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ সভা

0 337

ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা বিভাগৰ অধীনত নিযুক্তি প্ৰাপ্ত খণ্ড সমল ব্যক্তি (বি আৰ পি) সকলৰ উমৈহতীয়া সংগঠন সদৌ অসম খণ্ড সমল ব্যক্তি ফ’ৰাম । এই ফৰামৰ নৱগঠিত পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সমিতিখনৰ প্ৰথমখন বৈঠক সোমবাৰে গুৱাহাটীৰ প্ৰাচ্য ভাৰতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় । নবগঠিত কাৰ্যনিৰ্বাহক সমিতিৰ গৰিষ্ঠ সংখ্যক সদস্য সদস্যা উপস্থিত থকা বৈঠকত ৰাজ্যখনৰ বিভিন্ন শিক্ষা খণ্ডত কৰ্মৰত প্ৰায় ২৫০ গৰাকী খণ্ড সমল ব্যক্তিৰ সমস্যা সমূহৰ বিষয়ে বিশদ ভাৱে আলোচনা হয় । প্ৰধানতঃ ৰাজ্যখনৰ শৈক্ষিক জগতখনৰ গুণগত উত্তৰণ আৰু বিদ্যায়তনিক উৎকৰ্ষ সাধনৰ হকে প্ৰতিটো কৰ্ম দিনেই নিজ নিজ কৰ্মক্ষেত্ৰৰ নিষ্ঠা সহকাৰে ইমূৰৰ পৰা সিমূৰলৈ শৈক্ষিক সমৰ্থন দি অহাৰ বিপৰীতে সন্মুখীন হৈ অহা আৰ্থিক বাধা গ্ৰস্ততাৰ দিশটো গুৰুত্ব সহকাৰে আলোচনা কৰা হয়। ৰাজ্যখনত কৰ্মৰত মুঠ ২৫০ গৰাকী কৰ্মঠ আৰু নিষ্ঠাবান খণ্ড সমল ব্যক্তিৰ নিঃস্বাৰ্থ এই চৰকাৰী সেৱাৰ বিপৰীতে শিক্ষকতাৰ বাবে প্ৰাপ্ত বেতনৰ শিতানৰ ধন বিদ্যালয় পৰিদৰ্শনৰ নামত ব্যয় কৰি আহিব লগা হোৱা চিন্তনীয় দিশটো গভীৰ ভাৱে সভাত পৰ্যালোচনা কৰা হয় । ফৰামৰ সভাপতি তথা ধেমাজিৰ খণ্ড সমল ব্যক্তি মুকুল সূতৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক তথা কামৰূপ (মেট্ৰো)ৰ খণ্ড সমল ব্যক্তি পুণ্যব্ৰত বৰদলৈযে। সভাত উপস্থিত সমল ব্যক্তি সকলে আগবঢ়াই অহা এই অতিৰিক্ত সেৱাৰ বিপৰীতে ভ্ৰমণ বানছ প্ৰদান কৰাৰ পোষকতা কৰি বহু কেইগৰাকী কাৰ্যনিৰ্বাহকে বক্তব্য ৰখাৰ পাছত এক প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বৈঠকত আগন্তুক শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে ৰাজ্যখনত কৰ্মৰত প্ৰতি গৰাকী সমল ব্যক্তিক চৰকাৰী বিধি অনুসৰি ভ্ৰমণ বানছ আদায় দিয়াৰ ব্যৱস্থা গ্ৰহণৰ বাবে সমগ্ৰ শিক্ষা অসমৰ পৰিচালন সঞ্চালকক আহ্বান জনায় প্ৰস্তাৱ গ্ৰহণ কৰা হয়। তাৰোপৰি বছৰৰ প্ৰতি ১১নৱেম্বৰৰ দিনটো সমগ্ৰ ৰাষ্ট্ৰৰ লগতে ৰাজ্যজুৰি ফৰামৰ উদ্যোগত শিক্ষা দিৱস হিচাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সমান্তৰাল ভাৱে উক্ত শিক্ষা দিৱসৰ সতে সংগতি ৰাখি খণ্ড সমল ব্যক্তি ফ’ৰামৰ উদ্যোগত এখনি শিক্ষা সম্পৰ্কীয় আলোচনী প্ৰকাশ কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰা হয় । আগত শিক্ষা দিৱসৰ উপলক্ষে প্ৰকাশ হব লগীয়া উক্ত আলোচনীৰ সম্পাদক হিচাপে বৰপেটাৰ
খণ্ড সমল ব্যক্তি চন্দন কুমাৰ দাসক সৰ্বসন্মত হিচাপে দায়িত্ব অৰ্পণ কৰি এখন সম্পাদনা সমিতি গঠন কৰি দিয়া হয় । আলোচনীখন উন্মোচনৰ বাবে ৰাজ্যখনৰ শিক্ষা মন্ত্ৰীৰ লগতে সমগ্ৰ শিক্ষাৰ পৰিচালন সঞ্চালকক নিমন্ত্ৰণ জনোৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ।আনহাতে সভাত খণ্ড সমল ব্যক্তি সকলে বিভিন্ন শিক্ষা খণ্ডত শৈক্ষিক উত্তৰণৰ বাবে প্ৰকাশ কৰি থকা সমল সমুহ সাৰ্বজনীন প্ৰসাৰ আৰু প্ৰচাৰৰ জৰিয়তে শিক্ষক শিক্ষাৰ্থী সমাজ উপকৃত হোৱাৰ স্বাৰ্থত সামাজিক মাধ্যম ,ইউটিউব আৰু ফেচবুকৰ জৰিয়তে খণ্ড সমল ব্যক্তি ফ’ৰামৰ নামত একাউণ্ট খুলি ধাৰাবাহিক প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাত খণ্ড সমল ব্যক্তি সকলৰ বাবে কেন্দ্ৰীয় ভাবে পুঁজি আবন্টনৰ দাবী কেন্দ্ৰীয় চৰকাৰৰ ওচৰত উত্থাপনৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ খণ্ড সমল ব্যক্তি সকলক একত্ৰিত কৰি অহা ১১ নৱেম্বৰত ৰাষ্ট্ৰীয় শিক্ষা দিৱসৰ দিনা এখন সভা অনুষ্ঠিত কৰি এখন শক্তিশালী ‘সমন্বয়ক সমিতি’ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাতেই ৬২ সংখ্যক শিক্ষক দিৱস উপলক্ষত কৃতী শিক্ষকৰ বঁটা লাভ কৰা খণ্ড সমল ব্যক্তি ক্ৰমে শোণিতপুৰৰ প্ৰণিতা মেধি , বৰপেটাৰ চন্দন কুমাৰ দাস , ২০২০-২১ বৰ্ষত জিলা কৃতী শিক্ষকৰ বঁটা লাভ কৰা খণ্ড সমল ব্যক্তি কামৰূপ(গ্ৰাম্য)ৰ জেপুলিন দাসক গামোচা, এটি স্মাৰক আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.