যোৱা ২৮ জুলাইত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই দিছপুৰৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ত সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীক এখনি ফুলাম গামোচা চেলেং চাদৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰি মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ এক লাখ একাৱন্ন হাজাৰ টকাৰ চেক এখন প্ৰদান কৰে। অসমৰ প্ৰায় সকল গ্ৰন্থ বিক্রেতাই এনেকুৱা প্ৰতিকূল পৰিস্থিতিত নিজৰ সাধ্যনুসাৰে সংস্থাৰ দ্বাৰা মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ অৰিহণা আগবঢ়াইছিল।বিনামূলীয়া পাঠ্যপুথিৰ লগতে বিভিন্ন গ্ৰন্থ বিষয়ক সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক ড° ৰনোজ পেগুক অৱগত কৰা হয়।মাননীয় মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক সমস্যাসমূহ সমাধান কৰিবলৈ দায়িত্ব দিয়ে।লগতে উত্তৰ পূব গ্ৰন্থ মেলাখন সুকলমে পাতিবৰ বাবে সহায়ৰ হাত আগবঢ়াব বুলি আশ্বাস দিয়ে। এই ক্ষেত্ৰত গ্ৰন্থৰ উন্নতিৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ে সকলোধৰণৰ সহায় সহযোগিতা কৰিব বুলি সংস্থাক আশ্বাস প্ৰদান কৰে। মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাত শিক্ষামন্ত্ৰী পেগুৱে সকলো সহায় আগবঢ়োৱা বাবে সংস্থাই শলাগ লয়। বৰঙণি আগবঢ়োৱা সকলো সদস্যলৈ সংস্থাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰে। মুখ্যমন্ত্ৰী সাক্ষাৎকালত সংস্থাৰ হৈ সভাপতি ইমৰাণ আহমেদ,সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, উপসভাপতি পংকজ ভাগৱতী ,যুটীয়া সম্পাদক বাহাৰুল ইছলাম চৌধুৰী আৰু সদস্য অপূৰ্ব কলিতা উপস্থিত থাকে।
Trending
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme
- Assam Govt Launches Key Initiatives to Boost Livestock Sector
- পূব ধাৰাপুৰত অংগনাৱাড়ী কেন্দ্ৰৰ মেৰামতি কাৰ্যৰ শুভাৰম্ভ
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি