সদৌ অসম হস্ততাঁত বয়ন সমবায় সন্থাৰ এটি প্ৰতিনিধি দলে ১০ মাৰ্চত সংস্থাৰ সভাপতি তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাক সাক্ষাৎ কৰি পুনৰ প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱাত সম্বৰ্ধনা জনায়৷ সংস্থাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি এন এন ৰানা পাটগিৰিৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটিত গীতা মণ্ডল ডেকা, প্ৰভাত চন্দ্ৰ শৰ্মা, চন্দ্ৰ মোহন কলিতা,অনিতা দাস আৰু সৰস্বতী বৰাই অংশ লৈ বিধায়কগৰাকীক গামোচা,বাণ কাহী আদিৰে সম্বৰ্ধনা জনোৱা হয়৷ সংস্থাই সভাপতিগৰাকীক পুনৰ জিকাই অনাৰ স্বাৰ্থত পশ্চিম গুৱাহাটী সমষ্টিৰ দহটা নিৰ্দষ্ট ঠাইত শিপিনী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই বিষয়ত ব্যৱস্থা লবলৈ কামৰূপ জিলা বয়ন সমবায় সন্থাৰ সম্পাদিকা গীতা মণ্ডল ডেকাক দায়িত্ব অৰ্পন কৰে৷
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী