সদৌ অসম হস্ততাঁত বয়ন সমবায় সন্থাৰ এটি প্ৰতিনিধি দলে ১০ মাৰ্চত সংস্থাৰ সভাপতি তথা পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাক সাক্ষাৎ কৰি পুনৰ প্ৰতিদ্বন্দিতা কৰিবলৈ ওলোৱাত সম্বৰ্ধনা জনায়৷ সংস্থাৰ ৰাজ্যিক কাৰ্যকৰী সভাপতি এন এন ৰানা পাটগিৰিৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটিত গীতা মণ্ডল ডেকা, প্ৰভাত চন্দ্ৰ শৰ্মা, চন্দ্ৰ মোহন কলিতা,অনিতা দাস আৰু সৰস্বতী বৰাই অংশ লৈ বিধায়কগৰাকীক গামোচা,বাণ কাহী আদিৰে সম্বৰ্ধনা জনোৱা হয়৷ সংস্থাই সভাপতিগৰাকীক পুনৰ জিকাই অনাৰ স্বাৰ্থত পশ্চিম গুৱাহাটী সমষ্টিৰ দহটা নিৰ্দষ্ট ঠাইত শিপিনী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি এই বিষয়ত ব্যৱস্থা লবলৈ কামৰূপ জিলা বয়ন সমবায় সন্থাৰ সম্পাদিকা গীতা মণ্ডল ডেকাক দায়িত্ব অৰ্পন কৰে৷
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ