সভাকক্ষ উন্মোচন

0 242

পলাশবাৰী সৰপাৰাস্থিত বটলিং প্লাণ্টৰ জৰিয়তে ইণ্ডিয়ান অইল কৰ্পৰেচনৰ আৰ্থিক অনুদানৰে সৰপাৰা ৰাইজ গয়ৰহৰ মন্দিৰৰ সভাকক্ষৰ নতুনকৈ মজীয়া পকীকৰণ আৰু টইলটৰ আজি আনুষ্ঠানিকভাৱে আই.অ.চি.কৰ্তৃপক্ষৰ দ্বাৰা শুভ উদ্ধোধন কৰে। এই উপলক্ষে সৰপাৰা ৰাইজ গয়ৰহৰ সভাপতি সুৰেন্দ্ৰ মোহন ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাত আই.অ.চি. এ.অ.ডি.ৰ ৰাজ্যিক কাৰ্য্যালয় মুখ্য সহকাৰী পৰিচালক উত্তিও ভট্টাচাৰ্য, ৰাজ্যিক কাৰ্যালয়ৰ ডি.জি.এম.চি.এচ.আৰ. দিগন্ত ঠাকুৰীয়া, সৰপাৰা বটলিং প্লাণ্টৰ ডি.জি.এম. পি.জে.চেতিয়াই উপস্থিত থাকি ইণ্ডিয়ান অইল কৰ্পৰেচনে উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন সামাজিক, অৰ্থনৈতিক উন্নয়ন মূলক কাম কৰি আহিছে। তাৰে পৰিপেক্ষিত সৰপাৰা ৰাইজ গয়ৰহৰ আহ্বান ক্ৰমে সৰাপাৰা গাঁও আৰু ৰাজহুৱা মন্দিৰৰ সমস্যাৰ কথা অৱগত কৰিছিল। সেই মৰ্মে তেওলোকে সৰপাৰা গাঁও পৰিদৰ্শন কৰি প্ৰায় ১০০ বছৰ পুৰণি ৰাজহুৱা মন্দিৰৰ সভাকক্ষৰ মজিয়া পকীকৰণ, টইলেট, বিজুলি সংযোগ, ফেন আদি উন্নয়নৰ বাবে আঁচনিৰ কাম গ্ৰহণ কৰে। আজি আঁচনিৰ কাম সম্পূৰ্ণ উঠাত ৰাইজৰ বহুদিনীয়া আশা সম্পূৰ্ণ হৈ উঠা বুলি ভাষণত উল্লেখ কৰে আই.অ.চি.ৰ বিষয়ববীয়াসকলে। সভাত ৰাইজ গয়ৰহৰ উপদেষ্টা প্ৰবীন চন্দ্ৰ দাস আৰু অমৃত চন্দ্ৰ দাসে আই.অ.চি. বিষয়ববীয়া আৰু সৰপাৰাস্থিত বটলিং প্লাণ্টৰ ডি.জি.এম.সহিতে সমূহ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতে সৰপাৰা অঞ্চলত এনেধৰণৰ উন্নয়ন কাম কৰিবলৈ আহ্বান জনায়। উক্ত অনুষ্ঠানত আই.অ.চি.ৰ ফাইনেঞ্চ সহকাৰী পৰিচালক কল্লোল মিত্ৰা, সৰপাৰা বটলিং প্লাণ্টৰ সহ পৰিচালক শাশ্বতী মুদৈ, নিখিতা হাজৰিকা, মিন্তু দাস, পৰিচালক বিষয়া বৰ্ণালী শইকীয়া, এচ.এম. নিৰজ গুপ্ত আদিকে ধৰি বহুকেইজন বিষয়া উপস্থিত থাকে। ইয়াৰ পূৰ্বে সৰপাৰা ৰাইজ গয়ৰহে আই.অ.চি.বিষয়ববীয়া সকলক ধুলীয়া, তাল, শংখ আদিৰে আদৰি আনি একোখনকৈ ফুলাম গামোচা, এৰি চাদৰ, জাপি, শৰাই আদিৰে সম্ভাষণ জনায়। সৰপাৰা ৰাইজ গয়ৰহৰ যুৱ সদস্য যীশু মজুমদাৰে আঁতধৰা অনুষ্ঠানটোত সৰপাৰা ৰাইজ গয়ৰহৰ সম্পাদক ধনঞ্জয় ঠাকুৰীয়াকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক শতাধিক ৰাইজ উপস্থিত থাকে।

 খবৰ যুগুতালে মিৰ্জাৰ পৰা জীতুমণী দাসে

Leave A Reply

Your email address will not be published.