সাংবাদিকৰ মাজত মাস্ক,চেনিটাইজাৰ বিতৰণ

0 315

সমগ্ৰ বিশ্বত বৰ্তমানে ক’ৰণাৰ আতংকত দিশহাৰা হৈ বহুকেইখন ৰাষ্ট্ৰত এতিয়া অৰ্থনৈতিকভাৱে বহু লোকচানৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে। এই মহামাৰী কভিদ-১৯ ৰ পৰা হাত সাৰিবলৈ দেশৰ লগতে ৰাজ্যত ব্যাপক সাৱধানতা অৱলম্বন কৰা দেখা গৈছে। এই মাৰাত্মক ৰোগবিধ অধিক যাতে সংক্ৰমণ নহয় তাৰ বাবে প্ৰধান মন্ত্ৰীয়ে সকলো শ্ৰেণীৰ লোককে ঘৰতে আবদ্ধ হৈ থকাৰ লগতে সামাজিক দূৰত্ব, চাফ চিকুন হৈ থাকিবলৈ আহ্বান জনাইছে।
 
এই লকডাউনৰ সময়ছোৱাত স্বাস্থ্যবিভাগ, আৰক্ষীকে ধৰি জৰুৰীকালীন সকলো সেৱাৰ লগতে নিজৰ কথা নাভাৱি ৰাইজক দিনে নিশাই সজাগ কৰি প্ৰচাৰ কৰিছে সাংবাদিকসকলে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ কামৰূপ জিলা বিজেপি যুৱ মৰ্চাৰ উপ-সভাপতি তথা সমাজসেৱক ফুলমণি দাসে দক্ষিণ কামৰূপৰ প্ৰায় ৩০ জন সাংবাদিক, ফটো সাংবাদিক আৰু আৰক্ষীৰ মাজত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।
 
উক্ত বিতৰণ কাৰ্যসূচী শুভাৰম্ভ কৰে পলাশবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তথা অতিৰিক্ত উপায়ুক্ত ৰশ্মি বৰুৱা গগৈয়ে। উক্ত অনুষ্ঠানত উপস্থিত থাকে পলাশবাৰী ৰাজহ চক্ৰৰ সহকাৰী চক্ৰ বিষয়া দিপ্তী গগৈ, পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যেন্দ্ৰ সিং হাজাৰীৰ লগতে সাংবাদিক ক্ৰমে বলেন কলিতা, ৰতন কলিতা, দীপক কলিতা, হীতেন মালী, নীৰেন চন্দ্ৰ মালী, পবিত্ৰ কুমাৰ দাস, বিমল শৰ্মাৰ লগতে বহু কেইজন ব্যক্তি উপস্থিত থাকে।
 
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে…

Leave A Reply

Your email address will not be published.