কালিলৈ ১২,৬০০ জন যাত্ৰীয়ে স্বগৃহ বা কৰ্মস্থলীলৈ যাব

0 255

লক ডাউনত আৱদ্ধ হৈ থকা লোক সকলে অসম পৰিবহন নিগমৰ বাছেৰে কালিলৈ পৰা অসমৰ বিভিন্ন জিলালৈ যাত্ৰা কৰিব পাৰিব।এই ক্ষেত্ৰত ৪১,৬৯১ গৰাকীয়ে ১০৪ত ফোন কৰি আবেদন কৰিছে।এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।৪১ হাজাৰ লোকক নিয়াৰ ক্ষেত্ৰত ৪ -৫ দিন সময়ৰ প্ৰয়োজন হ’লেও ব্যৱস্থাটো চলি থাকিব বুলি মন্ত্ৰীগৰাকীয়ে আজি সংবাদ মেলত সদৰী কৰে।
 
 
আনহাতে এই সমগ্ৰ প্ৰক্ৰিয়াটো পৰ্যবেক্ষণ কৰি থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীয়ে কয় যে প্ৰথমদিনা ১২,৬০০ গৰাকী যাত্ৰীয়ে বিভিন্ন ঠাইলৈ যাত্ৰা কৰিব।পৰৱৰ্তী সময়ত পৰ্য্যায়ৰ ক্ৰমে ব্যৱস্থা লোৱা হ’ব।কালি যাত্ৰা কৰিবলগীয়া যাত্ৰীসকলৰ টিকট আজি সন্ধ্যা পঞ্জীয়ন হ’ব।টিকটত সন্নিবিষ্ট থকা স্থানেতে যাত্ৰী বাছৰ সেৱা লাভ কৰিব।স্মৰ্তব্য যে কামৰুপ মেট্ৰ’,যোৰহাটকে আদি কৰি প্ৰায় কেইখন মুখ্য চহৰৰ পঞ্জীয়নভুক্ত যাত্ৰীৰ সংখ্যা সৰ্বাধিক।

Leave A Reply

Your email address will not be published.