ৰাজস্থানৰ পৰা অসমলৈ ৰাওণা হৈছে বহু শিক্ষাৰ্থী

0 273

লক ডাউনত আবদ্ধ হৈ থকা বিভিন্ন জনক উদ্ধাৰৰ বাবে তৎপৰ হৈ পৰিছে অসম চৰকাৰ।
 
বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলক স্বগৃহলৈ ওভতাই অনাৰ বাবে অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে।ৰাজস্থানৰ কোটাত অধ্যয়নৰত এটা ৩২০ জনীয়া শিক্ষাৰ্থীদল আজি অসমৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছে ।
 
জানিব পৰা মতে আজি পুৱা ৮ বজাৰ পৰা শীত তাপ নিয়ন্ত্ৰিত বাছেৰে যাত্ৰা আৰম্ভ কৰিছে। ইতিমধ্যে ৰাঁচী অতিক্ৰম কৰিছে বুলি জানিব পৰা গৈছে।উল্লেখযোগ্য যে এই শিক্ষাৰ্থীৰ দলটোৰ লগত আছে অসম আৰক্ষীৰ কেবাজনো বিষয়া।

Leave A Reply

Your email address will not be published.