সাংবাদিক ফণীন্দ্ৰ বৰুৱালৈ পৰিবেশ মূলক সাংবাদিকতাৰ বঁটা প্ৰদান

0 211

শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ একাদশ দ্বি-বাৰ্ষিক অধিবেশনখন ৰবি বাৰে দিনযোৰা বিস্তৃত কাৰ্যসুচীৰে তেজপুৰস্থিত আজুৰ কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় ৷ উক্ত অধিবেশনতে নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি তথা সাংবাদিক ফণীন্দ্ৰ বৰুৱাক চন্দ্ৰকান্ত গোস্বামী সোঁৱৰণী পৰিবেশ মূলক বঁটাৰে বিভুষিত কৰা হয় ৷ অসমৰ বিভিন্ন আগশাৰী কাকত, আলোচনীত তত্বগধুৰ লেখনীৰ লগতে দীৰ্ঘ সময় ধৰি অসমৰ সংবাদ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়ায় অহা ফণীন্দ্ৰ বৰুৱাক এই বঁটা প্ৰদান কৰাত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠান ব্যক্তি বিশেষে সন্তুষ্টি প্ৰকাশ কৰে ৷ ৰবিবাৰে আজুৰ কাৰ্য্যালয়ত শোণিতপুৰ জিলাৰ উপায়ুক্ত ভূপেশ চন্দ্ৰ দাস,জিলা আৰক্ষী অধীক্ষক ধনঞ্জয় ঘনৱাটৰ উপস্থিতিত শৰাই,গামোছা,সম্বৰ্দ্ধনা পত্ৰৰে এই বঁটা প্ৰদান কৰে শোণিতপুৰ জিলা সাংবাদিক সন্থাই ৷ ফণীন্দ্ৰ বৰুৱা জামুগুৰিহাটৰ পাতলৰচুক গাঁওৰ বাসিন্দা হোৱাৰ লগতে দৈনিক অগ্ৰদূত আৰু ডি ৱাই ৩৬৫ জামুগুৰিহাটৰ স্থানীয় সংবাদদাতা হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আহিছে ৷
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.