বিশিষ্ট সাংস্কৃতিক কর্মী, ৰাষ্ট্রীয় পৰ্যায়ৰ নৃত্য শিল্পী, সাহিত্যিক, সমাজসেৱীকা, গুৱাহাটীৰ মালিগাঁও ৰেলৱে অফিচাৰ্ছ ক’লনী নিবাসী টুটুমণি নাথ মেধিক (ৰুমী) মহাবঙ্গ সাহিত্য পৰিষদ ছেৰিটেবল ট্ৰাষ্টৰ পৰা ২০২২ বৰ্ষৰ সাহিত্যৰ সংস্কৃতিৰ আৰু সমাজ সেৱাৰ বাবে ৰাষ্ট্রীয় উৎকৃষ্টতা বঁটাৰে (National Excellence Award 2022) সন্মানিত কৰা হৈছে। অসম, বাংলাদেশ, নেপাল আদিকে ধৰি বিভিন্ন দেশৰ সমন্বয়ৰ স্থলীৰূপে পৰিগণিত কলকাতাৰ ৰৱীন্দ্ৰ সদনৰ অৱনীন্দ্ৰ সভাঘৰত ২৪ ছেপ্টেম্বৰৰ সন্ধিয়া অনুষ্ঠিত এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত পশ্চিমবঙ্গ চৰকাৰৰ কৃষিমন্ত্ৰী শোভেনদেৱ চট্টোপধ্যায়ে টুটুমণি নাথ মেধিক এই বঁটা প্ৰদান কৰে। অনুষ্ঠানত কৃষিমন্ত্ৰী তথা বিখ্যাত কবি শোভনদেৱ চট্টোপাধ্যায়ক টুটুমণি নাথে মেধিয়ে অসমীয়াৰ ঐতিহ্যৰ চিন ফুলাম গামোচা জাপিৰে সম্বৰ্ধনা জনায়। ইয়াৰ উপৰিও মেধিয়ে অসমীয়াৰ বুকুৰ আমঠু বিহু নৃত্য প্ৰদৰ্শন কৰি উপস্থিত ৰাইজক মুগ্ধ কৰে।
Trending
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan
- চি আৰ পি এফৰ প্ৰথমটো মহিলা বেটেলিয়ানৰ ৪০ বছৰীয়া বৰ্ষপূৰ্তিত ভাগ ললে দ্বিতীয় কমাণ্ড অধিকাৰী মীনা দাস বৰাসহ কেবাজনো অসমীয়া বিষয়া – জোৱানে
- অসমত HPV টিকাকৰণ অভিযান আৰু নিয়মীয়া টিকাকৰণৰ পৰ্যালোচনা
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত নতুন ৰূপত ডঃ ভূপেন হাজৰিকা সন্মিলন কক্ষ