সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক

0 139

অসমীয়া চলচ্চিত্ৰৰ বাবে ৰাজ সাহায্য আৰু অ’টিটি প্লেটফৰ্ম, ৫০টা ছবিগৃহৰ বাবে সমিতি পুনৰ গঠন ,মৃদঙীয়া গায়ন বায়নৰ প্ৰশিক্ষণ, ছাত্ৰ -ছাত্ৰীৰ বাবে গ্ৰীষ্মকালীন কৰ্মশালা আদি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক পৰিক্ৰমা মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত জনতা ভৱনৰ কাৰ্যালয় কক্ষত আজি এক বৈঠক অনুষ্ঠিত হয়।
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ড০বি কল্যাণ চক্ৰৱৰ্তী, সচিব পল্লবী ফুকন, যুটীয়া সচিব ক্ৰমে ৰাজীৱ থাপা আৰু প্ৰশান্ত বৰুৱা, সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস আদিকে ধৰি বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত সভাখনত ভালেসংখ্যক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
বৈঠকত বিভিন্ন বিষয়ৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয়। কেবাখনো বিভাগীয় সমিতি গঠনৰ বাবে লগতে বৈঠকৰ সিদ্ধান্ত সমূহ শীঘ্ৰে কাৰ্যকৰী কৰাৰ বাবে সাংস্কৃতিক মন্ত্রী বড়াই বিষয়া সকলক নিৰ্দেশ দিয়ে।

Leave A Reply

Your email address will not be published.