সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

0 279

সাধাৰণ ৰোগীৰ বাবে মুকলি হ’ল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়। কেইবাগৰাকীও চিকিৎসকৰ দেহত ক’ৰণাৰ অৱস্থিতি ধৰা পৰাৰ পিছতেই যোৱা ৯মে’ৰ পৰা চিকিৎসালয় খন সাধাৰণ ৰোগীৰ বাবে বন্ধ হৈ আছিল।
 
ইতিপূৰ্বে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মেলত অৱগত কৰিছিল পৰিস্থিতি ঠিকে থাকিলে চিকিৎসালয় খনৰ সাধাৰণ ৰোগীৰ বাবে মুকলি কৰা হ’ব ।
 
শেহতীয়াকৈ চিকিৎসালয় খনৰ শতাধিক চিকিৎসা কৰ্মীৰ ক’ৰণাৰ পৰীক্ষা সম্পন্ন হৈছিল। সকলোৰে পৰীক্ষাৰ ৰিজাল্ট নিগেটিভ ওলোৱাৰ বাবে সাধাৰণ ৰোগীৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। উল্লেখ্য যে শুক্ৰবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে চিকিৎসালয় খন মুকলি কৰা হয়।

Leave A Reply

Your email address will not be published.