দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সৰপাৰা গাঁৱৰ নিবাসী তথা উদীয়মান অভিনেতা, পৰিচালক তথা সৰপাৰাৰ বি.টি. চি.ৰ “বৰষা মাংস ঘৰৰ স্বত্তাধিকাৰী মাংস ব্যৱসায়ী হিচাপে পৰিচিত দিৱসে দৰ্শনে নিৰ্মাণ কৰিছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবি। পিতৃ ৰমণী দাস আৰু ৰীণা দাৰ জ্যেষ্ঠ পুত্ৰ অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা দিৱস দৰ্শনে সৰুৰে পৰা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন নাট প্ৰতিযোগিতাত অভিনয়, পৰিচালনা, সংগীত পৰিচালনা কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ দিৱসে চৰকাৰী চাকৰিৰ আশা নকৰি মাংস ব্যৱসায়ৰ ব্যস্ততাৰ সমান্তৰালকৈ সপোনৰ পম খেদি নিৰ্মাণ কৰিছে অসমীয়া কথাছবি অমিতাভ। ২০১৭ চনৰ পৰা পৰ্যায়ক্ৰমে ২০২০ চনলৈ কথাছবিখনৰ দৃশ্য গ্ৰহণ হোৱাৰ লগতে যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠিছে। কিন্তু সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো মহামাৰী ক’ৰণাই সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে কথাছবিখন মুক্তি দিব পৰা নাই। দিৱস দৰ্শনে ৰচনা আৰু পৰিচালনা কৰা “অভিতাভ” কথাছবিখনত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিৰ লগতে অৰুণ হাজৰিকা, দেৱজিত মজুমদাৰ, ভাৰ্গৱ কতকী, অমুল্য কুমাৰ, প্ৰতিভা চৌধুৰী, কৌশিক নাথ, প্ৰদ্যুত বিকাশ দাস, ৰাখি শইকীয়া, দীপজ্যোতি মালী, অপুৰ্ব ঠাকুৰীয়া, বলেন চৌধুৰী, ৰোহিনী মহন্ত, পংকজ দেৱান, নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস, নৱাগত চুহানা ৰহমান, শিশুশিল্পী নৱজিৎ, চুইটি আৰু পৰিনীতাই অভিনয় কৰিছে। উক্ত কথাছবিখনত গুৱাহাটী, পলাশবাৰী, ৰাণী, মিৰ্জা, সৰপাৰা, নতুন লক্ষীটাৰী, অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ চানডুবিৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ উদীয়মান লেখিকা দিক্ষিতাৰ সংলাপ, কৌশিক নাথ আৰু দিৱস দৰ্শনৰ চিত্ৰানাট্য আৰু সংগীত কুশল মিৰ্জাই সুন্দৰ ভাবে পৰিচালনা কৰিছে। ইয়াৰ উপৰিও দিৱস দৰ্শনে দক্ষিণ কামৰূপৰ বৰঢুলিয়া আধাৰত বিশ্বজিৎ কলিতাই ৰচনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ভাৱৰীয়া কথাছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়ৰ লগতে প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে থাকি ৰাইজৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ৰপ্ৰতি লক্ষ্য ৰাখি মহামাৰী ক’ৰণাৰ পৰিস্থিতি শিথিল হ`লেই ৰাইজৰ ওচৰলৈ আহিব কথাছবি অমিতাভ। শিশুৰ পৰা বৃদ্ধলৈ সকলো ৰাইজে উপভোগ কৰিব পৰাকৈ সোনালী অসমৰ পম খেদি অসমৰ গ্ৰামোন্নয়নৰ শিক্ষা, অৰ্থ আৰু মানসিক উন্নতিৰ লক্ষ্য আগত ৰাখি এটি সাৱলীল কাহিনীৰে উপস্থাপনৰ চেষ্টা কৰিছে পৰিচালক দিৱস দৰ্শনে। উল্লেখ যে, অভিতাভ কথাছবিখন ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে দখলাৰ অলকা দাসে। যিগৰাকী অলকা দাসে সাহসিকতা, ধৈৰ্যশীল তথা ব্যক্তিক্ৰমী কৰ্ম চিন্তাৰে আনৰো অনুপ্ৰেৰণা যোগাই আহিছে। তেখেতৰ জীৱন সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰিছে। দাসে সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ চিলিণ্ডাৰ বিতৰণ কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হোৱাৰ উপৰিও নিজৰ দক্ষতাৰ জড়িয়তে ৰাজ্য চৰকাৰৰ পৰা বিশেষ বঁটা আৰু আৰ্থিক ভাৱে সহাৰ্য পাবলৈ সক্ষম হৈছে। এইগৰাকী অলকা দাসেও দিৱস দৰ্শনৰ অমিতাভ কথাছবিখনৰ এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে। সাম্প্ৰতিক সময়ৰ পৰিস্থিতি কিছু শিথিল হ’লেই ‘অভিতাভ’ কথাছবিখন ৰাইজৰ মাজত মুক্ত দিয়াৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিছে পৰিচালক দিৱস দৰ্শনে। আশা কৰিছে দিৱস দৰ্শনে কথাছবিখন অসমবাসী ৰাইজে আকোৱালি ল’ব।
Trending
- Assam Governor extends greetings on Rongali Bihu and Assamese New Year
- আন্তঃবিশ্ববিদ্যালয় থাং-টা প্ৰতিযোগিতাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ সোণৰ পদক লাভ
- পাণ্ডু বিহু সন্মিলনীৰ স্থায়ী ঠিকনা হ’ব জুবিন গাৰ্গ ৰেলৱে বিহুতলী মালিগাওঁ
- NSE Enables Instant Order Acknowledgement in Nanoseconds Across All Segments
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন