সাৱধান! সৌৰ ধুমুহা আহি আছে

0 337

সাৱধান।আজি পৃথিৱীৰ বায়ুমণ্ডলত খুন্দিয়াব পাৰে সৌৰ ধুমুহাই।প্ৰতি ঘণ্টা ১৬ লাখ কিলোমিটাৰ বেগত পৃথিৱীৰ দিশে এই সৌৰ ধুমুহা আগবাঢ়িছে। সৌৰ ধুমুহাৰ বাবে জি পি এছ,মোবাইল, ইণ্টাৰনেট সেৱা, বিজুলীৰ সেৱা বিছিন্ন হ’ব পাৰে।সৌৰ ধুমুহা উত্তৰ আৰু দক্ষিণ দ্ৰাঘিমা ৰেখাত থকা লোক সকলে নিৰীক্ষণ কৰিব পাৰিব।অৱশ্যে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰই সৌৰ ধুমুহাক সুৰক্ষা প্ৰদান কৰিব পাৰে।
সৌৰ ধুমুহাই পৃথিৱীলৈ বায়ু মণ্ডলৰ জৰিয়তে গৰম গেছ প্ৰবাহিত কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৮৫৯ চনত অহা জিঅ’মেগনেটিক ধুমুহাৰ ফলস্বৰূপে ইউৰোপ আৰু আমেৰিকাত টেলিগ্রাফ নেটৱৰ্কত প্ৰভাৱ পৰিছিল।আনহাতে ১৯৮৯ চনত অহা সৌৰ ধুমুহাৰ বাবে কানাডাত ১২ ঘণ্টাৰ বাবে বিজুলী সংযোগ বিছিন্ন হৈ পৰিছিল।সৌৰ ধুমুহাই কি প্ৰভাৱ পেলাব এই সম্পৰ্কে সময়তেহে জানিব পৰা যাব।

Leave A Reply

Your email address will not be published.