সুদক্ষ প’ৰ্টেল বহু নিবনুৱাৰ সহায়ক হ’ব-মুখ্যমন্ত্ৰী

0 244

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম ৰাজ্যিক দক্ষতা অভিযানৰ কাৰ্যালয় আজি পৰিদৰ্শন কৰে। বেতকুঁছিস্থিত কাৰ্যালয় পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেল সম্বোধন কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে লকডাউনৰ সময়ছোৱাত প্ৰশাসন, স্বাস্থ্য বিভাগ, পৰিবহন বিভাগ সকলোৱে সুচাৰুৰূপে কাৰ্য সম্পাদন কৰিছে। ক’ভিড১৯ৰ সমস্যাই সমগ্ৰ বিশ্ববাসীক ভাৰাক্ৰান্ত কৰি তুলিলে। সমগ্ৰ বিশ্বই আজি একে সমস্যাৰ সন্মুখীন হৈছে।
 
ৰাজ্যৰ বাহিৰত থকা ব্যক্তিসকলৰ বাবে ৰাজ্য চৰকাৰে পৰিবহনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। লগতে কয় যে নেপাল, ভূটান, বাংলাদেশৰ পৰা এতিয়াও বহু লোক বাছেৰে স্ব গৃহলৈ আহি আছে। আনহাতে  কুৱেইট, ৰাছিয়া, আদি দেশৰ পৰা বিমানৰ জৰিয়তে অসমৰ জনসাধাৰণ আহিব।এই বিস্তৃত কাম কাজ সামৰি আৰক্ষী আৰু পৰিবহন বিভাগক এখন ছুটি ছবি নিৰ্মাণৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে।
 
 
মুখ্যমন্ত্ৰী গৰাকীয়ে আজি সুদক্ষ নামৰ এক প’ৰ্টেল মুকলি কৰে।প’ৰ্টেলটো মুকলি কৰি তেখেতে কয় যে ইয়াৰ জৰিয়তে বহু নিবনুৱাই সুযোগ সুবিধা লাভ কৰিব। ১৮ পৰা ৪০ বছৰৰ যিকোনো নিবনুৱাই এই প’ৰ্টেলটোৰ জৰিয়তে দক্ষতাৰ সবিশেষ পঞ্জীয়ন কৰিব পাৰিব। অসম ৰাজ্যিক দক্ষতা অভিযানৰ অধীনত প্ৰশিক্ষণ গ্ৰহণ কৰাৰ পিছত  বেংকৰ লোন আৰু এণ্টাৰপ্ৰাইজ প্ৰতিষ্ঠা কৰাৰ বাবে সুযোগ সুবিধা লাভ কৰিব।বিশেষকৈ কৃষিক্ষেত্ৰ, মৎস্য পালন আৰু পশুপালনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। লগতে কয় যে এইক্ষেত্ৰত যুৱ শক্তিয়ে বিশেষভাৱে অৰিহণা যোগাব।
 
 
আনহাতে উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে ৰাজ্যৰ চৰকাৰে অৰ্থনীতি পুনৰ উদ্ধাৰৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আশাকৰা হৈছে এই ধৰণৰ পদক্ষেপে বিভিন্ন ক্ষেত্ৰত বহুজনক সহায় কৰিব।
 
 
আজি অনুষ্ঠিত সংবাদ মেলত ডিজিপি ভাস্কৰজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং, অসম ৰাজ্যিক দক্ষতা অভিযানৰ সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰীৰ লগতে বহুকেইজন গুৰুত্বপূৰ্ণ বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.