সুনাম কঢ়িয়ালে অসমৰ দুই শিক্ষানুষ্ঠানে

0 282

IMG-20160924-WA0002(1)

উচ্চ শিক্ষা, বিদ্যায়তনিক ক্ষেত্ৰ,আন্তৰাষ্টীয় দৃষ্টিভংগী, ঔদ্যোগিক আয়,গৱেষণা আদিৰ ক্ষেত্ৰত আগবঢ়াই অহা বিশেষ অৱদানৰ বাবে দেশৰ কেইখন মান আগশাৰীৰ বিশ্ববিদ্যালয়ৰ লগতে সন্নিবিষ্ট হ’ল তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী আই আই টি নাম। উল্লেখযোগ্য যে Times Worlds University য়ে প্ৰস্তুত কৰা এক তালিকাত তেজপুৰ বিশ্ববিদ্যালয় আৰু গুৱাহাটী আই আই টি য়ে ৮০০ খন শীৰ্ষ বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৯৪ চনত স্থাপন হোৱা তেজপুৰ বিশ্ববিদ্যালয় ইতিপূৰ্বে ৰাষ্ট্ৰপতিৰ পৰা Best University Award আৰু MHRD –National Institutional Ranking Framework পৰা পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। স্মতৰ্ব্য যে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশী ৰাষ্ট্ৰৰ বহু শিক্ষাৰ্থীয়ে তেজপুৰ বিশ্ববিদ্যালয়লৈ অধ্যায়নৰ অৰ্থে আহে । তেনে কেইখনমান ঠাই হ’ল যেনে থাইলেণ্ড, চিৰিয়া. চুইজাৰলেণ্ড, আমেৰিকা নাইজেৰিয়া ইত্যাদি।

IMG-20160924-WA0001

নিচেই কম দিনৰ ভিতৰতে ইটোৰ পিছত সিটো সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হোৱা তেজপুৰ বিশ্ববিদ্যালয় খনৰ অন্তৰালত থকা কাৰণ জানিব বিচৰাত বিশ্ববিদ্যালয়ৰ সামগ্ৰিক বিকাশ কেন্দ্ৰ সঞ্চালক ৰাজীৱ কুমাৰ দলে NE Focus ৰ আগত এনে দৰে কয়- আমাৰ বিশ্ববিদ্যালয় খন জন্ম হোৱা ২২ বছৰ হৈছে, যদিও নিচেই কম দিনৰ ভিতৰত লাভ কৰা সফলতাৰ মূলতে শিক্ষাৰ্থী আৰু শিক্ষা গুৰু সকলৰ কঠোৰ পৰিশ্ৰম। বিশ্ববিদ্যালয় খনৰ উপাচাৰ্য্য মিহিৰ কান্তি চৌধুৰীৰ সবল নেতৃত্ব আৰু পৰিশ্ৰমৰ ফচল এয়া । উল্লেখযোগ্য যে এনে ধৰণৰ সুখবৰে সকলোকে গৌৰাবাম্বিত কৰি তুলে।

Leave A Reply

Your email address will not be published.