ন প্ৰনালীৰে কেইবিধ মান ৰন্ধন

0 281

খাই ভালপোৱা অথবা খুৱাই ভালপোৱা,প্ৰত্যেক মানুহৰে কম-বেছি পৰিমাণে ৰাপ থাকে।বহুতে সপ্তাহতে ভিন্ন খাদ্যৰ সোৱাদ ল’বলৈ হোটেল,ৰেস্টুৰেণ্টত ভিৰ কৰা দেখা যায়।ঘৰতে অতি সহজতে ৰান্ধিব পৰা কেইবিধমান খাদ্যৰ প্ৰস্তুত প্ৰণালী আজি nefocus ত সন্নিবিষ্ট কৰিলো। এই খাদ্যসম্ভাৰৰ বিষয়ে আমালৈ প্ৰেৰণ কৰিলে গুৱাহাটী হাতীগাৱৰ সুজাতা পাঠক বৰাই.

চিকেন পোলাও

IMG-20160923-WA0022

কুকাৰত কিমানখিনি চাউলৰ পোলাও বনাব সেই অনুপাতে অলপ সৰহকৈ ৰিফাইন তেল লৈ তাতে প্ৰথমে লং, দালচেনি, ইলাচি আৰু তেজপাত দিব । তাৰপিছত মিহিকৈ কুটা পিয়াজ আৰু আদা নহৰু পেষ্ট দি ৰঙাকৈ ভাজি আগতে দৈ দি মেৰিণেদ কৰি থোৱা মাংসৰ টুকুৰাকেইটা দি অলপ দেৰি ভাজিব। আপোনালোকে নিজৰ ইচ্ছা অনুসৰি লগতে কেচা জলকীয়া, মিট মছলা  দিব পাৰে । মাংসখিনি অলপ দেৰি ভাজি জহাচাউলখিনি দিব খুব ভালকৈ লৰাই অলপ দেৰি ভাজিব। ভজা যেন হ’লে এনেই চাউলত যিমান দিয়ে তাতকৈ অলপ কম পৰিমাণৰ পানী দি লগতে সোৱাদ অনুসৰি নিমখ দি কুকাৰৰ ঢাকোন লগাই দুটামান চিটি দি নমাই থৱ।

ঢাকোন খুলিব পৰা হ’লে নিজৰ ইচ্ছানুসৰি আচাৰ বা তৰকাৰীৰ লগত পৰিবেশন কৰক ।

শ্বাহী টুকৰা

received_1288779261166661(1)

আলহী দুলহী আহিলে পতকৈ বনাই খাবলৈ আৰু খুৱাবলৈ ভাল এইবিধ খাদ্য । ব্ৰেডৰ কাষবোৰ কাটি ব্ৰেডখন মাজেৰে দুই টুকুৰা কৰি কাটি পেন এখনত ঘিঁ আৰু ৰিফাইন মিলাই ৰঙাকৈ ভাজি ল’ব। ৰসৰবাবে চ’চপেন এটাত আমুল টাজা আৰু দুচামোচ পাউদাৰ গাখীৰ গৰম কৰি তাতে দালচেনি পাউদাৰ জাইফল গুৰি ইলাচি দি উতলাই উতলাই গাঢ়া কৰি লৈ মিঠা হোৱাকৈ চেনি দিব.. (মিল্কমেইড দিব পাৰে ).. পুৰা গাঢ়া হওঁতে saffron দ্ৰপচ বা আপুনি ভালপোৱা যিকোনো ফ্লেভাৰ এদ কৰিব পাৰে । তাৰপিছত ভাজি লোৱা ব্ৰেড কেইদোখৰ পেন এখনত অলপ চেনি কেৰামেৰাইজ কৰি তাতে দুবাই লৈ সজোৱা বাচনত দি ৰসখিনি ঢালি দিব । ওপৰে ওপৰে Dry Fruits দি পৰিৱেশন কৰিব ।

 

ফুলকবি মুলা আৰু বিলাহীৰে শ’ল মাছ

IMG-20160923-WA0023

প্ৰথমে মুলা, আলু, বিলাহী, ফুলকবি, আণ্ডাজ মতে একে জোখত কাটি ল’ব । মিঠাতেলত পিয়াজ, নহৰু, আৰু জলকীয়া দি পাচলি খিনি ভাজি ল’ব। হিচাপ আনুসৰি হালধি নিমখ দিব। ভজা হওতে আণ্ডাজ অনুসৰি পানী দি উতলিব দিব। ভাল কৈ উতল আহতে ভাজি লোৱা মাছ দিব। নমোৱাৰ আগতে ওপৰত ধনীয়া পাত দি নমাই ভাতৰ লগত পৰিবেশন কৰিব পাৰে।

received_1288952067816047

লেখক- সুজাতা পাঠক বৰা

Leave A Reply

Your email address will not be published.