সুৰাপায়ীসকল সাৱধান! আবকাৰী বিভাগলৈ আহিছে অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰ, ৫ ছেকেণ্ডতে দিব ফলাফল

0 229

আইন ভংগ কৰি সুৰাপান কৰাসকল এতিয়া আগতকৈও সাৱধান হ’বৰ হ’ল। অন্যথা এইবাৰ আৰু আইনৰ চকুত ধূলি দি সাৰি যোৱাতো সম্ভৱ নহ’ব।
 
 
কিয়নো ক’ৰণা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবলৈ হেণ্ড ছেনিটাইজাৰ উৎপাদন আৰু যোগানৰ ব্যৱস্থা কৰি সকলোৰে প্ৰশংসা বুটিলবলৈ সমৰ্থ হোৱাৰ পিছত এইবাৰ ৰাজ্যৰ আবকাৰী বিভাগে গ্ৰহণ কৰিছে আন এক বিশেষ পদক্ষেপ। এই অনুযায়ী ক’ৰণা কালত যাতে সাৰ্বজনিক স্থানত কোনো লোকে সুৰাপান কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে, তাৰবাবে বৰ্তমান সময়ত ব্যৱহাৰৰ উপযোগী অত্যাধুনিক এলক’পেট্ৰ’ল ব্ৰেথ এনালাইজাৰৰ গৰাকী হৈ পৰিছে আবকাৰী বিভাগ।
 
 
 
 
এই অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ সহায়ত কোন ব্যক্তিয়ে সুৰাপান কৰি আছে সেয়া দূৰৰ পৰাই মাত্ৰ ৫ ছেকেণ্ডতে জানিব পৰা যাব। আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু বিভাগটোৰ আয়ুক্ত ৰাকেশ কুমাৰৰ বিশেষ প্ৰচেষ্টাত ২৫০ টা ক’ৰণা কালৰ উপযোগী অত্যাধুনিক ব্ৰেথ এনালাইজাৰ মেচিন আবকাৰী বিভাগে ক্ৰয় কৰিছে। হংকঙৰ এটি বিশ্বখ্যাত প্ৰতিষ্ঠিত কোম্পানীয়ে প্ৰস্তুত কৰা এই ব্ৰেথ এনালাইজাৰ মেচিন কৰ’নাকালত বিশ্বৰ উন্নত দেশসমূহে ব্যৱহাৰ কৰি আহিছে।
 
 
 
 
এলক’পেট্ৰ’ল নামৰ চাৰ্জিঙৰ ব্যৱস্থা থকা এই মেচিনত কেমেৰা সংলগ্ন হৈ থকাৰ লগতে থাৰ্মেল প্ৰিণ্টাৰো আছে। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আবকাৰী বিভাগে এনে অত্যাধুনিক ব্ৰেথ এনালাইজাৰৰ অভাৱ অনুভৱ কৰি আহিছিল। অৱশেষত বিভাগৰ এক দীৰ্ঘদিনীয়া অভাৱ পূৰণ হ’ল। ইতিমধ্যে জিলাসমূহৰ আবকাৰী বিভাগৰ কাৰ্যালয়লৈ এই অত্যাধুনিক মেচিন প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। মেচিনটোৰ সহায়ত ক্ষিপ্ৰতাৰে ৰাজহুৱা স্থানত আইন উলংঘা কৰি সুৰাপান কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাতো সহজ হৈ পৰিব। কিয়নো এই অত্যাধুনিক মেচিনটোৱে মাত্ৰ ৫ ছেকেণ্ডতে ফলাফল দিয়ে।’-এইদৰে কয় আবকাৰী বিভাগৰ জনসংযোগ বিষয়া শৈলন্দ্ৰ পাণ্ডেই।

Leave A Reply

Your email address will not be published.