অনুভূতিৰ উদ্যোগত আজি গুৱাহাটী প্ৰেছ ক্লাবত মুক্তি লাভ কৰে ড• হেমন্ত ডেকা, প্ৰণৱজ্যোতি ভূঞা,ৰেজাউল কৰিম আহমেদৰ পৰিকল্পনা আৰু ব্যৱস্থাপনাৰে তথা এন এইচ সাগৰপ্ৰীত, শ্যামল ভূঞাৰ সংগীতেৰে সজোৱা জুবিন গাৰ্গ, পুলক বেনাৰ্জী, শান্তা উজীৰ, ৰূপম ভূঞা, জয়ন্ত নাথ, সমৰ হাজৰিকা, শোভা হাজৰিকা, পাৰলিনা কলিতা, জয়শ্ৰী নাথ, দীপান্দিতা দাস, প্ৰণৱজ্যোতি ভূঞা,ৰেজাউল কৰিম আহমেদে কণ্ঠদান কৰা গীতিকাৰ মানোৱাৰ আলীৰ গীতৰ শ্ৰাব্য চি ডি ‘সুৰৰ সুৱাগমণি’ ।সুৰকাৰ প্ৰণৱজ্যোতি ভূঞা,মণি মহন্ত, জয়ন্ত নাথ আৰু মানোৱাৰ আলী। প্ৰযোজনা কৰিছে নাজমিন আহমেদ আৰু ৰেজাউল কৰিম আহমেদৰ ।এলবামটি উন্মোচন কৰে লেখক থানেশ্বৰ মালাকাৰে । অনুষ্ঠানটিত বক্তব্য ৰাখে পুলক বেনাৰ্জী, সমৰ হাজৰিকা, মৃণালকান্তি, মণি মহন্ত আৰু ৰূপম ভূঞাই । শ্ৰুতি মধুৰ এলবামটিত ১৬টা গীত সন্নিবিষ্ট কৰা হৈছে ।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai