অৱশেষত সকলো কল্পনা জল্পনাৰ অন্ত পেলাই সোণোৱাল চৰকাৰৰ মন্ত্রীসভাত ন সংযোজন ঘটিল।মন্ত্রীসভাৰ সদস্য সংখ্যা হ’লগৈ ১৮ জন।মন্ত্রী ভৱেশ কলিতাই শিক্ষা মন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰে।ঠিক সেইদৰে যুৱ মন্ত্রী পীয়ুষ হাজৰিকাক নগৰ উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছে।আনহাতে যোগেন মহনক গড়কাপ্তানী আৰু ৰাজহ বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিছে।আনহাতে সোণোৱাল মন্ত্রীসভাৰ আন এজন নতুন সদস্য সঞ্জয় কিষাণক শ্ৰম আৰু চাহ জনজাতি উন্নয়নৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰা হৈছে।উল্লেখযোগ্য যে আজি ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীয়ে মন্ত্রীসভাৰ দুই নৱনিযুক্ত সদস্যক শপত বাক্য পাঠ কৰোৱায়।আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে তৃতীয়বাৰলৈ পুনৰবাৰ সভাপতিৰ দায়িত্বভাৰ গ্রহণ কৰে।
Trending
- কামৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “পৰীক্ষা পে চৰ্চা” অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ
- কামৰূপ নিৰ্বাচন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ
- পলাশবাৰীৰ উপৰহালীত অটল পেঞ্চন যোজনাৰ সজাগতা সভা
- গণৰাজ্য দিৱস উপলক্ষে গোলাঘাটত কৃষি মন্ত্ৰী অতুল বৰাই উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা
- ধেমাজিৰ আৰ্থ-সামাজিক বিকাশ সংস্থাৰ উদ্যোগত পষেকীয়া প্ৰশিক্ষণ শিবিৰ
- প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ সীমান্তত ধুবুৰী জিলাভিত্তিক গণৰাজ্য দিৱস উদযাপন
- অগপৰ ব্যাপক সাংগঠনিক তৎপৰতা ৰাজ্যজুৰি বুথ সভা সম্পন্ন
- নলবাৰীত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উন্মোচন মন্ত্ৰী অশোক সিংহলৰ
- বিশ্ববাসীৰ মংগলৰ বাবে পাণ্ডুনাথ দেৱালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰী শ্ৰীবিষ্ণু মহাযজ্ঞৰ আয়োজন
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহৰ সামৰণি