স্কাউট গাইডৰ সদস্যই মাস্ক বিতৰণ কৰিলে

0 240

ক’ৰণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লক ডাউনৰ সময়চোৱাত স্বাস্থ্যকৰ্মী আৰু আৰক্ষী সকলে নিজৰ জীৱনকো তুচ্ছ কৰি ৰাইজৰ বাবে সেৱা আগবঢ়াই আহিছে।অন্যহাতেদি কিছু ব্যৱসায়ীয়েও চৰকাৰৰ কিছু নীতি নিৰ্দেশনা মানি ব্যৱসায় প্ৰতিষ্ঠান খুলিছে৷বৰ্তমান সময়ত সকলোৱে মাক্স পৰিধান কৰাটো চৰকাৰে বাধ্যতামূলক কৰি তুলিছে৷ সেয়ে নকছাৰি জাতীয় বিদ্যালয়ৰ “স্কাউট গাইড” আৰু “গমধৰ কোঁৱৰ অপেন ট্ৰোপে” নকছাৰিৰ চিকিৎসা কৰ্মী,আৰক্ষীৰ উপৰিও ব্যৱসায়ী সকলৰ মাজত সামাজিক দুৰত্ব মানি প্ৰায় দুশৰো অধিক হস্তনিৰ্মিত মাস্ক বিতৰণ কৰে৷ এই ইতিবাচক কৰ্মক সকলোৱে প্ৰশংসা কৰিছে৷
খবৰ যুগুতালে গোপাল কৃষ্ণ বাঢ়ৈয়ে৷

Leave A Reply

Your email address will not be published.