স্তনপান দিৱস উদযাপন

0 267

চলিত বৰ্ষৰ পহিলা আগষ্টৰ পৰা ৭ আগষ্টলৈ সমগ্ৰ বিশ্বতে স্তনপান দিৱস পালন কৰা হয়। প্ৰতি বছৰে বিশ্বৰ ১২২ খনৰো অধিক ৰাষ্ট্ৰত এই স্তনপান দিৱস উদযাপিত হয়। উক্ত দিৱসৰ লগত সংগতি ৰাখি ৰাণী সংহত শিশু উন্নয়ন প্ৰকল্পৰ উদ্যোগত ৰাণীৰ আন্ধেৰীজুলী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত বিস্তৃত কাৰ্যসুচীৰে স্তনপান দিৱস, পোষণ অভিযানৰ সঠিক পুষ্ট দেশ উজ্বল বিষয়ক এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। ৰাণীৰ চি.ডি.পি.ও (CDPO) পিংকু বনিয়া বৈশ্যই আঁতধৰা সভাত সমাজ কল্যাণ বিভাগৰ বহুকেইগৰাকী বিষয়াৰ লগতে স্বচ্ছ ভাৰত অভিযান, জিলা প্ৰশাসনৰ বিষয়া উপস্থিত থাকে। এই সজাগতা সভাতেই ৰাণী অঞ্চলৰ দুখীয়া-দৰিদ্ৰ বহু কেইটা পৰিয়ালৰ শিশুক পোষন অভিযানৰ “সঠিক পুষ্টি দেশ” শীৰ্ষক কাৰ্যসূচীৰ জড়িয়তে পুষ্টিকৰ খাদ্যৰে অন্নপ্ৰসন্ন কৰোৱা হয়। বহুকেইগৰাকী গৰ্ভৱতী মহিলা, মাতৃ, স্থানীয় সচেতন লোকৰ লগতে ৰাণী অঞ্চলৰ বহু কেইটা অংগনৱাদী কেন্দ্ৰৰ কৰ্মী-সহায়িকাৰ উপস্থিতিত উপস্থিত থকা বহু কেইগৰাকী বিষয়াই কেন্দ্ৰীয় চৰকাৰৰ পোষন অভিলাষী আঁ‌চনিৰ উদ্দেশ্যে আৰু ইয়াৰ পৰা পোৱা সুবিধাসমুহৰ বিষয়ে আলোকপাত কৰে। বিশেষকৈ ৰাণী প্ৰকল্পৰ ৬ নং চক্ৰৰ কৰ্মী-সহায়িকাৰ প্ৰচেষ্টাত হোৱা সভাৰ জৰিয়তে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু প্ৰসূতি মাতৃৰ পৰিপুষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বিশেষকৈ কণমানি শিশু, মহিলা আৰু কিশোৰীৰ মাজত অপুষ্টি খাদ্য কিদৰে প্ৰতিহত আৰু কমাব পাৰি তাৰ ওপৰত বিশদভাৱে ব্যাখ্যা আগবঢ়ায়। সমাজ কল্যাণ বিভাগ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খাদ্য আৰু অসামৰিক যোগান বিভাগ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ এই পোষন অভিযানৰ লগত জড়িত হৈ থকা হেতুকে পৰৱৰ্তী সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাণী শিশু সংহত উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ অংগনৱাদী কেন্দ্ৰ সমুহত বিভিন্ন কাৰ্যসুচীৰে প্ৰসূতি মাতৃক, শিশুক পুষ্টিকৰ খাদ্য যোগান ধৰি এই অভিযানৰ আৰু দিৱসৰ সফলৰূপ দিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিব বুলি আশা ব্যক্ত কৰে উদ্যোক্তা সকলে।

Leave A Reply

Your email address will not be published.