গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ খানামুখস্থিত শ্ৰী শ্ৰী লক্ষ্মী মন্দিৰৰ সামূহিক গৃহত অলপতে গুৱাহাটীৰ গীতানগৰস্থিত আয়ুৰ্বেদ হেলথ কেয়াৰৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায় । শিবিৰত ডাঃ বৰ্ণালী দাস, ডাঃ স্মৃতিশিখা গগৈ, ডাঃ বিজয় দাস, ডাঃ হিমাশ্ৰী বৰা আৰু স্বাস্থ্যকর্মী প্ৰাণেশ্বৰ ডেকাই অৰ্দ্ধ শতাধিক লোকৰ ৰক্তচাপ, চুগাৰ তথা মধুমেহৰ উপৰিও অত্যাধুনিক যন্ত্ৰৰ সহায়ত শৰীৰৰ সকলো ধৰণৰ বিষ আৰু পুৰণি বেমাৰৰ পৰীক্ষা কৰে । আনহাতে চিকিৎসকৰ দলটোৱে ৰোগ চিনাক্ত হোৱা লোক সকলক ৰোগ নিৰাময় আৰু আৰোগ্য সন্দৰ্ভত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায় । তেনেদৰে স্বাস্থ্য পৰীক্ষাৰ পাছত সুলভ মূল্যত ৰোগী সকলোক দৰব প্ৰদান কৰা হয় ।
Trending
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ