শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰত আজি বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, চাৰিদুৱাৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ আৰু জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিশেষ স্বাস্থ্য মেলা আৰু ৰাজহুৱা সভা সম্পন্ন হয় । আজি পুৱা ১০:০০ বজাত বিদ্যালয়খনৰ প্ৰাংগণত সমাজকৰ্মী অৰুণ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত বানপীড়িত ৰাইজৰ বাবে বাহকজনিত ৰোগৰ বিভিন্ন উপসৰ্গ, প্ৰতিকাৰৰ উপায় আৰু সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত ৰাইজ, স্বাস্থ্যবিভাগ, দল-সংগঠনৰ ভূমিকা আদি বিভিন্ন বিষয়ত ৰাইজক অৱগত কৰা হয় । অনুষ্ঠানটোত স্বাস্থ্যবিভাগৰ যুটীয়া সঞ্চালিকা ডা: কৃষ্ঞা কেমপ্ৰাই, বালিপৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়া ডা: বসন্ত কুমাৰ বৰা, চাৰিদুৱাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰৰ উপ অধীক্ষক ডা বিভাননী কেওট , জিলা মুখ্য স্বাস্থ্য বিষয়া এচ পি বৰদলৈ, সংহত ৰোগ নিৰীক্ষণ বিষয়াৰুমী পাতৰ বৰা, কনকলতা অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ৰিণি দুৱৰা , জিলা আঁচনি প্ৰৱন্ধক পৰাগজ্যোতি শইকীয়া বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া আৰু চাৰিদু্ৱাৰ, ভকতগাঁও, উলুবাৰী আদি বিভিন্ন অঞ্চলৰ ১২০০ ৰাইজ উপস্থিত থাকে । আনহাতে উল্লেখ্য যে, তেজপুৰ অসামৰিক চিকিৎসালয়, টুমুকীস্থিত তেজপুৰ চিকিৎসালয় মহাবিদ্যালয়, বিশ্বনাথ চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসকসকলে ৰাইজ, শিক্ষাৰ্থীক স্বাস্থ্য পৰীক্ষা কৰে । স্বাস্থ্য মেলাত অঞ্চলটোৰ ৰাইজে উপস্থিত চিকিৎসাকৰ্মী, নাৰ্চে বিভিন্ন ৰোগৰ পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰে ।আনহাতে অনুষ্ঠানস্থলীত স্বাস্থ্য বিভাগৰ তৰফৰপৰা চৰকাৰী জননী সুৰক্ষা, আয়ুষ্মান ভাৰত ,পৰিয়াল কল্যাণ ইত্যাদি বিভিন্ন স্বাস্থ্যবিষয়ক জনকল্যাণমূলক আঁচনিৰ সজাগতামূলক ফলক আৰু মেলাও প্ৰদৰ্শন কৰা হয় ।
Trending
- পশ্চিম গুৱাহাটীৰ সাংবাদিক জোন ৰাভাক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা প্ৰদান
- বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ মুখ্য কাৰ্যালয়-সহকাৰী নিয়ন্ত্ৰক কাৰ্যালয়ৰ উদ্যোগত সৰ্বভাৰতীয় জোখ-মাখ প্ৰচাৰ সপ্তাহৰ সামৰণি
- জিলা পৰ্যায়ৰ ক্ৰীড়া সমাৰোহৰ সফল সামৰণি-অনিল বৰা স্মৃতি যুৱ সংঘ আৰু পটুৱাকাটা মহিলা কাবাডী দ’ল ৰাজ্যিক পৰ্যায়ৰ ক্ৰীড়া সমাৰোহলৈ নিৰ্বাচিত
- প্ৰথম এন ডি আৰ এফ বেটেলিয়ানৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
- স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা মন্ত্ৰী অশোক সিংহলৰ
- শিল্পী দিৱসত কণ্ঠশিল্পী ৰঞ্জন বড়োক সম্বৰ্ধনা
- ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহ উপলক্ষে আজি আৰ্য বিদ্যাপীঠ কলেজত পৰিবহণ বিভাগৰ বিশেষ সজাগতা অনুষ্ঠান
- টিকটবিহীন যাত্ৰীৰ পৰা ৯ মাহত ৪৮.১১ কোটিতকৈ অধিক টকাৰ জৰিমণা সংগ্ৰহ উত্তৰ পূব সীমান্ত ৰেলৱে কৰ্তৃপক্ষৰ
- বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সপ্তাহযোৰা বিদেশ ভ্ৰমণ
- Road Show of Industry Minister Bimal Borah for Advantage Assam2. 0 in Dubai