স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰাগ একাডেমীৰ দিব্যাংগ লোকক সাহাৰ্য প্ৰদান

0 207

পলাশবাৰীৰ বিজয়নগৰস্থিত কামৰূপ জিলাৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ‘প্ৰাগ একাডেমী’য়ে ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা বিশেষভাৱে সক্ষম দিব্যাংগ সকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ কৰিছে। এই আঁচনি সমিতিৰ দান-বৰঙণিৰ দ্বাৰা সংগৃহীত পুঁজিৰ জৰিয়তে ৰূপায়ণ কৰা হৈছে। আজি দিনৰ ১০ বজাত পলাশবাৰীৰ দখলা-বিজয়নগৰ অঞ্চলৰ পুৰুষ মহিলা সমন্বিতে ৮ গৰাকী দিব্যাংগ ব্যক্তিৰ মাজত আঠুৱা আৰু কম্বল বিতৰণ কৰা হয়।
সমিতিৰ সম্পাদক আব্দুল হুছেইন, কোষাধ্যক্ষ অপূৰ্ব ঠাকুৰীয়া আৰু অন্যান্য বিষয়ববীয়াৰ সহযোগত ‘প্ৰাগ একাডেমী’ৰ অধ্যক্ষ দিলীপ কুমাৰ ঠাকুৰীয়াই সামগ্ৰীসমূহ বিতৰণ কৰে। এই কাৰ্যসূচীৰ বাবে হিতাধিকাৰীৰ পৰিয়াল তথা অঞ্চলবাসী ৰাইজে সমিতিৰ বিষয়বীয়া সকলক অশেষ ধন্যবাদ জ্ঞাপন কৰি স্বেচ্চাসেৱী অনুষ্ঠান ‘প্ৰাগ একাডেমী’ৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। লগতে ‘প্ৰাগ একাডেমী’ৰ অধ্যক্ষ দিলীপ কুমাৰ ঠাকুৰীয়াই জনায় যে দিব্যাংগ সকলৰ নিয়োগ তথা স্বনিয়োজনৰ সুবিধা হোৱাকৈ দক্ষতা বিকাশৰ বাবে বিনামূলীয়া কম্পিউটাৰ প্ৰশিক্ষণ আৰু বিউটিচিয়ান প্ৰশিক্ষণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। সেয়েহে ন্যূনতম দশম শ্ৰেণী উত্তীৰ্ণ শিক্ষিত নিবনুৱা দিব্যাংগ সকলক আবেদন কৰিবলৈ জনোৱা হ’ল। আগ্ৰহী সকলে সবিশেষ জানিবলৈ মোবাইল নম্বৰ ৮৬৩৮৮৪২০৩৬ত যোগাযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.