ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূবৰ ক্ষেত্ৰীয় মুখ্য কাৰ্য্যালয়ৰ উদ্যোগত আজিৰে পৰা আৰম্ভ হৈছে সৰ্তকতা সজাগতা সপ্তাহ। এই উপলক্ষ্যে ডক্তৰ ভূপেন হাজৰিকা সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উপস্থিত বিষয়া,অভিযন্তা,কৰ্মচাৰী সকলক সৰ্তকতা সজাগতা সপ্তাহৰ শপত বাক্য পাঠ কৰোৱাই প্ৰাধিকৰণৰ উত্তৰ পূবৰ ভাৰপ্ৰাপ্ত ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক জে টি ৰাধাকৃষ্ণই।আনহাতে প্ৰাধিকৰণৰ জন সম্পৰ্কৰক্ষী বিষয়া ইন্দ্ৰ মোহন কুমাৰে জানিবলৈ দিয়া মতে প্ৰাধিকৰণৰ নিৰ্দেশনা অনুসৰি গুৱাহাটী বিমান বন্দৰৰ উপৰিওযোৰহাট,তেজপুৰ,ডিব্ৰুগড,লীলাবাৰী,শিলচৰ,ৰুপসী,আগৰতলা,ইম্ফল ,ডিমাপুৰ ,শ্বিলং,আইজলৰ লেংপুই বিমান বন্দৰত সৰ্তকতা সজাগতা কাৰ্য্যসূচী শুভাৰম্ভ হয়।
Trending
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী