শস্য উৎপাদনৰ দিশত কৃষকসকলে কৰা শ্ৰমৰ মৰ্য্যাদাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে।এই আঁচনি সমূহৰ জৰিয়তে কৃষক ৰাইজ উপকৃত হ’ব।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা কৃষক সমাৰোহত উপস্থিত মুখ্যমন্ত্ৰী গৰাকীয়ে এনেদৰে কয়।লগতে তেখেতে কয় যে অসমত উৎপাদিত পাচলি ইতিমধ্যে লণ্ডন,হংকং,ছিংগাপুৰৰ বজাৰলৈ ৰপ্তানি হৈছে।আজিৰ অনুষ্ঠানত বহুকেইগৰাকী হিতাধিকাৰীক পাৱাৰ টিলা,ৰাইচ মিল,চলাৰ পাৱাৰ পাম্প চেট প্ৰদান কৰে।অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰক্ষ্ম,কৃষিমন্ত্ৰী অতুল বৰা,মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী,আইন উপদেষ্টা শান্তনু ভৰালীৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud