হলমাৰ্কৰ কেন্দ্ৰ মুকলি

0 269

গুৱাহাটীৰ লাখটকীয়াস্থিত চৌধুৰী কমপ্লেক্সৰ দ্বিতীয় মহলাত সোমবাৰে সোন – ৰূপৰ গহনাৰ বিশুদ্ধতা ৰূপায়ন কৰা এটা হলমাৰ্ক কেন্দ্ৰ মুকলি কৰা হয় । ‘ গুৱাহাটী হলমাৰ্ক চেণ্টাৰ ‘ নামৰ এই কেন্দ্ৰটো জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ আৰু সাংবাদিক দেৱজিত ভূঞাই বন্তি প্ৰজ্জ্বলন আৰু ফিটা কাটি মুকলি কৰে । ভাষণত কৃষ্ঞমণি নাথে কয় – ” এই কেন্দ্ৰই গ্ৰাহকক সোণৰ বিশুদ্ধতা নিৰূপনৰ ক্ষেত্ৰত সহায় কৰিব । গ্ৰাহকে সোণৰ বিশুদ্ধতা নিৰূপণ কৰি মনৰ পছন্দৰে গহনা ক্ৰয় কৰিব পাৰিব । আশা কৰিছোঁ এই চেণ্টাৰটোৱে কেৱল গুৱাহাটীৰেই নহয় বৰঞ্চ সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলত সোণৰ বিশুদ্ধতা নিৰূপনৰ ক্ষেত্ৰত বিশেষ ভূমিকা ল’ব । ” সাংবাদিক দেৱজিত ভূঞাই কয় — ” আমি বিভিন্ন সময়ত ভেজাল সোণ কিনি গ্ৰাহকক ঠগ খোৱা দেখিবলৈ – শুনিবলৈ পাওঁ ।এইটো অসমৰ তৃতীয়টো হলমাৰ্ক কেন্দ্ৰ । আশা কৰোঁ এতিয়াৰ পৰা অসমৰ ৰাইজে আৰু নকল সোণ কিনি ঠগ খাব লগা নহ’ব । মাত্র ২৭ চেকেণ্ডৰ ভিতৰত গ্ৰাহকে চাব পাৰিব সোণৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰিব । গ্ৰাহক ইয়াৰ দ্বাৰা যথেষ্ঠ উপকৃত হ’ব ।” মুকলি অনুষ্ঠানত কেন্দ্ৰটোৰ স্বত্বাধিকাৰী দীপক সাহা , সদৌ অসম স্বৰ্ণ শিল্পী এছোচিয়েচনৰ সম্পাদক জয়নাল আবেদী উপস্থিত থাকে ।

Leave A Reply

Your email address will not be published.