হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হ’ব ৬জুনত

0 281

২০২০-২১বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা  হ’ব অহা ৬ জুনত। এই কথা আজি  সংবাদমেল যোগে জনাই ৰাজ্যৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ ফলাফল পুৱা ৯ বজাৰ লগে লগে সম্পূৰ্ণ অনলাইন প্ৰক্ৰিয়াৰ যোগে ঘোষণা  হ’ব।
 
 
 
ফলাফল ঘোষণা কৰা দিনটোৰ পৰিৱৰ্তে আগন্তুক দহ বা চৈধ্য দিনৰ ভিতৰত পৰীক্ষাৰ মাৰ্কশ্বীট, চাৰ্টিফিকেট ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিব। উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ সময়ত লাভ কৰা চফ্ট কপিৰ সহায়তে শিক্ষাৰ্থী সকলে মহাবিদ্যালয় সমূহত নামভৰ্তি কৰিব পাৰিব। পৰীক্ষাৰ্থী সকলে পৰীক্ষাৰ ফলাফল ছেবাৰ ৱেবচাইটৰ জৰিয়তে লাভ কৰিব পাৰিব। উল্লেখ্য যে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৮,৬৯০ টা চেণ্টাৰৰ পৰা ৩,৫৮,৪৪৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

Leave A Reply

Your email address will not be published.