হাজোত আদৰ্শ বিদ্যালয় উদ্বোধন বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ

0 193

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে গ্ৰহন কৰা অভিলাষী আঁচনিৰ অধীনত এই বছৰৰ ১৯ৰ পৰা ২৫ জুন তাৰিখৰ ভিতৰত ৰাজ্যত ৩৮ খন নতুন মাধ্যমিক বিদ্যালয় মুকলি কৰাৰ পদক্ষেপৰ অংশ হিচাপে আজি কামৰূপৰ হাজোত এখন আদৰ্শ বিদ্যালয় পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা কামৰূপৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে উদ্বোধন কৰে।

হাজোৰ টোক্ৰাদিয়া সানপাৰাত চিবিএচইৰ অন্তৰ্গত প্ৰথমখন ইংৰাজী মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ শুভাৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে এই বিদ্যালয়খনে অসম চৰকাৰৰ ৰাজ্যখনৰ সকলো অঞ্চলতে সমাজৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীয়ে লাভান্বিত হোৱাকে গুণগত শিক্ষা প্ৰদানৰ পৰিকল্পনাক সফল কৰিব বুলি আশা প্ৰকাশ কৰে । এতিয়াৰে পৰা দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীয়েও ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ দৰে চিবিএচইৰ অধীনত ইংৰাজী মাধ্যমত চৰকাৰী বিদ্যালয়ত শিক্ষা গ্ৰহন কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে । এই যুগান্তকাৰী পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক তেওঁ ধন্যবাদ জ্ঞাপন কৰে ।

মন্ত্ৰী পাটোৱাৰীয়ে লগতে কয় যে এই আদৰ্শ বিদ্যালয় সমূহৰ পৰা অনাগত দিনবোৰত ছাত্ৰ-ছাত্ৰীসকলে বৈজ্ঞানিক, ডাক্তৰ, অভিযন্তা, প্ৰশাসক আদি হিচাপে নিজকে প্ৰতিষ্ঠিত কৰি সমাজৰ বিকাশত অৰিহনা যোগাব পাৰিব।ৰাষ্ট্ৰীয় স্তৰৰ প্ৰতিযোগিতামূলক পৰীক্ষা সমূহত অসমৰ শিক্ষাৰ্থীয়ে উন্নত প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত আদৰ্শ বিদ্যালয় সমূহে গুৰুত্ত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ কয়।

ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজে অংশগ্ৰহণ কৰা আজিৰ এই অনুষ্ঠানত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া,জিলা উপায়ুক্ত কীৰ্তি জল্লী, জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক অপূৰ্ব ঠাকুৰীয়া আৰু অন্যান্য ব্যক্তিসকল উপস্থিত থাকে। ইয়াৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰংমহল আদৰ্শ বিদ্যালয় উদ্বোধন কৰা অনুষ্ঠানতো মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহন কৰে।

Leave A Reply

Your email address will not be published.