শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জামুগুৰিস্থিত সৰুভগীয়া নিবাসী জিতু ৰঞ্জন শৰ্মাক কৃতি শিক্ষক বঁটা প্ৰদান কৰিছে।তেজপুৰস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত শোণিতপুৰ জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ হাতৰ পৰা তেখেতে কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰে ।উক্ত সম্বৰ্ধনা অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে । ১৯৭৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮০ চনত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছতে ছাত্ৰ আন্দোলন হোৱাৰ বাবে কেইবছৰমান অবাবত সময়বোৰ নষ্ট হ’ল যদিও ১৯৮৭ চনত দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ।তাৰপিছতে ১৯৮৯ চনত অপ্ৰাদেশীকৃত অৱস্থাত হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে শৰ্মাই ।২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকিকৰণ হয় । শিক্ষকতা কৰি থকা অৱস্থাতে পুনৰ ২০১৬ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা শৰ্মাই প্ৰধান শিক্ষকৰ দায়িত্ব ল`ব লগা হয় ।এফালে প্ৰধান শিক্ষক আনফালে বিজ্ঞান শিক্ষকৰ দৰে দুয়োটা গধুৰ দায়িত্ব চলাই নিয়াত অসুবিধা হলেও এক নতুন উৎসাহেৰে নিজৰ কৰ্ম দায়িত্ব সততাৰে পালন কৰি গৈছিল শৰ্মাই ।অহা ২০২২ চনৰ জানুৱাৰী মাহত জিতু ৰঞ্জন শৰ্মাই অৱসৰ ল’ব যদিও শিক্ষা বিভাগৰ ফালৰ পৰা কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰাৰ খবৰে তেওঁক অধিক আনন্দিত কৰায়।জিতু শৰ্মাই শিক্ষকতাৰ কালছোৱাত বিভিন্ন শিক্ষাৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠানসমূহত যোগদান কৰাত প্ৰায় ২৫ খন মান প্ৰমান পত্ৰ পাবলৈকো সক্ষম হয় । তেওঁৰ এনে সুখবৰে বাবে অঞ্চলবাসীৰ লগতে হাটিঙা অঞ্চলৰ ৰাইজক আনন্দিত কৰি তুলিছে।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান