শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা জামুগুৰিস্থিত সৰুভগীয়া নিবাসী জিতু ৰঞ্জন শৰ্মাক কৃতি শিক্ষক বঁটা প্ৰদান কৰিছে।তেজপুৰস্থিত জিলা পুথিভঁড়াল প্ৰেক্ষাগৃহত শোণিতপুৰ জিলা শিক্ষক দিৱস উদযাপন সমিতিৰ তৰফৰ পৰা জিলা উপায়ুক্ত ভূপেশ চন্দ্ৰ দাসৰ হাতৰ পৰা তেখেতে কৃতি শিক্ষকৰ বঁটা গ্ৰহণ কৰে ।উক্ত সম্বৰ্ধনা অনুষ্ঠানত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসৰ লগতে বহুকেইজন গন্য মান্য ব্যক্তি উপস্থিত থাকে । ১৯৭৮ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৮০ চনত উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উত্তীৰ্ণ হোৱাৰ পিছতে ছাত্ৰ আন্দোলন হোৱাৰ বাবে কেইবছৰমান অবাবত সময়বোৰ নষ্ট হ’ল যদিও ১৯৮৭ চনত দৰং মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হয় ।তাৰপিছতে ১৯৮৯ চনত অপ্ৰাদেশীকৃত অৱস্থাত হাটিঙা উচ্চ মাধ্যমিক বিদ্যালয়ত বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰে শৰ্মাই ।২০১৩ চনত বিদ্যালয়খন প্ৰাদেশীকিকৰণ হয় । শিক্ষকতা কৰি থকা অৱস্থাতে পুনৰ ২০১৬ চনৰ জানুৱাৰী মাহৰ ১ তাৰিখৰ পৰা শৰ্মাই প্ৰধান শিক্ষকৰ দায়িত্ব ল`ব লগা হয় ।এফালে প্ৰধান শিক্ষক আনফালে বিজ্ঞান শিক্ষকৰ দৰে দুয়োটা গধুৰ দায়িত্ব চলাই নিয়াত অসুবিধা হলেও এক নতুন উৎসাহেৰে নিজৰ কৰ্ম দায়িত্ব সততাৰে পালন কৰি গৈছিল শৰ্মাই ।অহা ২০২২ চনৰ জানুৱাৰী মাহত জিতু ৰঞ্জন শৰ্মাই অৱসৰ ল’ব যদিও শিক্ষা বিভাগৰ ফালৰ পৰা কৃতি শিক্ষকৰ সন্মান প্ৰদান কৰাৰ খবৰে তেওঁক অধিক আনন্দিত কৰায়।জিতু শৰ্মাই শিক্ষকতাৰ কালছোৱাত বিভিন্ন শিক্ষাৰ লগত জড়িত অনুষ্ঠান প্ৰতিষ্ঠানসমূহত যোগদান কৰাত প্ৰায় ২৫ খন মান প্ৰমান পত্ৰ পাবলৈকো সক্ষম হয় । তেওঁৰ এনে সুখবৰে বাবে অঞ্চলবাসীৰ লগতে হাটিঙা অঞ্চলৰ ৰাইজক আনন্দিত কৰি তুলিছে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram