ত্ৰিপুৰাতো নিৰ্মাণ কৰা হ’ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি

0 196

ত্ৰিপুৰাতো নিৰ্মাণ কৰা হ’ব লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তিপ্রাৰ অধ্যক্ষ প্ৰদ্যুত বিক্ৰম মাণিক্য দেৱ বৰ্মনে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ সৈতে সম্বোধন কৰা যুটীয়া সংবাদমেলত এই কথা ঘোষণা কৰে।আনহাতে, উক্ত সংবাদমেলতে দুয়োটা ৰাজনৈতিক দলৰে সংকল্পৰ কথা উল্লেখ কৰি তেওঁ কয় “উত্তৰ-পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ বঞ্চিত, নিস্পেষিত, শোষিত জাতিসত্বাসমূহে একে দৃষ্টিভংগীৰে, ঐক্যৱদ্ধভাৱে আগবঢ়াৰ বিষয়ত ঐক্যমত পোষণ কৰি আমি আঞ্চলিক ৰাজনৈতিক জাতীয় সংগ্ৰামখন তীব্ৰতৰ কৰি তোলাৰ সংকল্প গ্ৰহণ কৰে৷”তেওঁলোকৰ সিদ্ধান্তসমূহ উল্লেখ কৰি বৰ্মাই কয় “আজি অসম জাতীয় পৰিষদ আৰু ‘দ্য ইণ্ডিজেনাছ প্রগ্রেছিভ ৰিজিঅ’ নেল এলায়েন্স’ (তিপ্ৰা)ই সিদ্ধান্ত গ্রহণ কৰে যে দুয়োটা দলে ৰাজনৈতিক সহযোগিতাৰ এক শুভ আৰম্ভণি কৰিব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলক লগত লৈ এক শক্তিশালী আঞ্চলিক ৰাজনৈতিক আন্দোলন গঢ়ি তুলিব।এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত উত্তৰ-পূৰ্বাঞ্চলৰ সকলো আঞ্চলিক দলৰ সৈতে আলোচনা মর্মে শীঘ্ৰেই ঘোষণা কৰা হ’ব৷ প্ৰদ্যুতে লগতে কয়।তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰি তেওঁ কয়
১)‘ইতিপূর্বে সংসদত গৃহীত হোৱা নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ কা’ তৎকালে বাতিল কৰক’৷
২) অসমত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এন আৰ ছি) উন্নীতকৰণৰ কাম শীঘ্ৰেই সম্পূৰ্ণ কৰক৷
৩) ত্ৰিপুৰা ৰাজ্যৰ ত্ৰিপুৰীসহ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অস্তিত্ব আৰু পৰিচয় সংৰক্ষণৰ হকে সাংবিধানিক ব্যৱস্থা প্ৰৱৰ্তন কৰক৷ তিপ্ৰালেণ্ড/বৃহত্তৰ টিপ্ৰালেণ্ডৰ দাবী মানি লওক
৪) অসম চুক্তিৰ সকলো দফা সঠিকভাৱে ৰূপায়ণ কৰকা অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদন ৰূপায়ণেৰে অসমীয়া জাতিক সাংবিধানিক ৰক্ষা করচ প্রদান আৰু অসমীয়া জাতিৰ ভাষা-সাহিত্য সংস্কৃতি ৰক্ষাৰে জাতিৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰাৰ ব্যৱস্থা কৰা আদি৷

Leave A Reply

Your email address will not be published.