হালধাত অনুষ্ঠিত হ’ব দিব্যজ্যোতি শইকীয়াৰ শান্তি আৰু মানৱতা সন্দৰ্ভত প্ৰেৰণামূলক বক্তৃতানুষ্ঠান

0 263

অহাকালি দৰং জিলাৰ পুৰস্কাৰ প্ৰাপ্ত স্বচ্ছ তথা আদৰ্শ গাঁও হালধাৰ উদ্যোগত বৰনদী প্ৰগতি সংঘ আৰু হালধা আঞ্চলিক মহিলা সমিতিৰ সহযোগত পুৱা ৬ বজাৰ পৰা চাফাই কৰ্মৰে আৰম্ভ হ’ব শান্তি আৰু মানৱতা সন্দৰ্ভত এক বিশেষ অনুষ্ঠান।১০ বজাত অনুষ্ঠিত হ’বলগীয়া মূল অনুষ্ঠানত “শান্তি আৰু মানৱতা অবিহনে দেশ তথা সমাজৰ উন্নয়ন অসম্ভৱ” শীৰ্ষক প্ৰেৰণাত্মত বক্তৃতানুষ্ঠানত মুখ্য বক্তা হিচাপে শান্তি আৰু মানৱতা সন্দৰ্ভত বিশ্লেণাত্মক আৰু প্ৰেৰণামূলক বক্তব্য আগবঢ়াব অৰ্ধ শতাধিক ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় বঁটাৰে বিভূষিত বিশ্ব সংবিধান সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। ডঃ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰণাত্মত অনুষ্ঠানৰ পিছতেই ন লগোৱা অনুষ্ঠান অনুষ্ঠিত হ’ব। উক্ত সমূহ কাৰ্যসূচীৰ মিডিয়া পাৰ্টনাৰ হিচাপে আছে এন ই ফ’কাচ ডট কমৰ লগতে দুটা পৰ্টেল।

Leave A Reply

Your email address will not be published.