লখিমপুৰ জিলাৰ বান্দৰদেৱাস্থিত বান্দৰদেৱা কণিষ্ঠ মহাবিদ্যালয়ত আজি সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু শোনিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজি জিলাৰ সহযোগিতাত আজি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সকলৰ এখন সন্মিলন অনুষ্ঠিত হয়। সভাত আটাইকেইখন জিলাৰ কেইবা শতাধিক অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। সভাত মূলত অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সকলোবোৰ সমস্যাৰ পুংখানুপুংখ আলোচনা কৰা হয়।শিক্ষক কৰ্মচাৰী সকলৰ সমস্যাৰ পৰা বিদ্যালয় মহাবিদ্যালয়ৰ চৌহদৰ মাটি সমস্যালৈকে শৈক্ষিক সমস্যাৰ পৰা বিদ্যায়তনিক বিভিন্ন সমস্যা লৈকে সমস্যাক অবলোকন কৰে সভাৰ কেইবাজনো বক্তাই। শিক্ষক কৰ্মচাৰী সকলৰ ভিতৰৰ বহু সংখ্যকে বিনা দৰমহাত অৱসৰ ললে। শিক্ষক কৰ্মচাৰী সকলৰ প্ৰতিবেদনত বিনা দৰমহাত অৱসৰ লোৱা শিক্ষক কৰ্মচাৰী সকলক চৰকাৰক এককালীন সাহাৰ্য প্ৰদানৰ দাবী কৰাৰ লগতে শিক্ষক কৰ্মচাৰী সকলৰ সংগঠনৰ ফালৰ পৰাও কিছু সাহাৰ্য্য দিয়াৰো চিন্তা চৰ্চা কৰা হৈছে বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি বিশ্বজ্জিত চৰকাৰে নিজৰ ভাষনত উল্লেখ কৰে।লক্ষী শইকীয়াই সঞ্চালনা কৰা সভাত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নীল গগৈ নিৰ্দিষ্ট বক্তা হিচাপে বিশ্বজিত চৰকাৰ প্ৰধান সম্পাদক হৰমোহন বৰা সাধাৰন সম্পাদক পঞ্চম কুমাৰ মিলি আহ্বায়ক তথা লখিমপুৰ বিশ্বনাথ আৰু ধেমাজি জিলাৰ সম্পাদকত্ৰয় ক্ৰমে বিশ্ব কুমাৰ শইকীয়া,লেখনাথ মিশ্ৰ আৰু উনান্তি পাংগিং উপস্থিত থাকে।
Trending
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index