লখিমপুৰ জিলাৰ বান্দৰদেৱাস্থিত বান্দৰদেৱা কণিষ্ঠ মহাবিদ্যালয়ত আজি সদৌ অসম অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু শোনিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু ধেমাজি জিলাৰ সহযোগিতাত আজি অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সকলৰ এখন সন্মিলন অনুষ্ঠিত হয়। সভাত আটাইকেইখন জিলাৰ কেইবা শতাধিক অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে। সভাত মূলত অপ্ৰাদেশীকৃত শিক্ষক কৰ্মচাৰী সকলে দীৰ্ঘদিন ধৰি ভোগ কৰি অহা সকলোবোৰ সমস্যাৰ পুংখানুপুংখ আলোচনা কৰা হয়।শিক্ষক কৰ্মচাৰী সকলৰ সমস্যাৰ পৰা বিদ্যালয় মহাবিদ্যালয়ৰ চৌহদৰ মাটি সমস্যালৈকে শৈক্ষিক সমস্যাৰ পৰা বিদ্যায়তনিক বিভিন্ন সমস্যা লৈকে সমস্যাক অবলোকন কৰে সভাৰ কেইবাজনো বক্তাই। শিক্ষক কৰ্মচাৰী সকলৰ ভিতৰৰ বহু সংখ্যকে বিনা দৰমহাত অৱসৰ ললে। শিক্ষক কৰ্মচাৰী সকলৰ প্ৰতিবেদনত বিনা দৰমহাত অৱসৰ লোৱা শিক্ষক কৰ্মচাৰী সকলক চৰকাৰক এককালীন সাহাৰ্য প্ৰদানৰ দাবী কৰাৰ লগতে শিক্ষক কৰ্মচাৰী সকলৰ সংগঠনৰ ফালৰ পৰাও কিছু সাহাৰ্য্য দিয়াৰো চিন্তা চৰ্চা কৰা হৈছে বুলি কেন্দ্ৰীয় সমিতিৰ সভাপতি বিশ্বজ্জিত চৰকাৰে নিজৰ ভাষনত উল্লেখ কৰে।লক্ষী শইকীয়াই সঞ্চালনা কৰা সভাত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি নীল গগৈ নিৰ্দিষ্ট বক্তা হিচাপে বিশ্বজিত চৰকাৰ প্ৰধান সম্পাদক হৰমোহন বৰা সাধাৰন সম্পাদক পঞ্চম কুমাৰ মিলি আহ্বায়ক তথা লখিমপুৰ বিশ্বনাথ আৰু ধেমাজি জিলাৰ সম্পাদকত্ৰয় ক্ৰমে বিশ্ব কুমাৰ শইকীয়া,লেখনাথ মিশ্ৰ আৰু উনান্তি পাংগিং উপস্থিত থাকে।
Trending
- On 79th Independence Day, NSE Chief Ashishkumar Chauhan Wishes the Nation Progress and Prosperity
- এন ই ফ’কাচ ডট কমৰ নৱম বৰ্ষপুৰ্তিৰ উদযাপন
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS